NORTHEAST NOW (Assamese)

ফ্ৰান্সৰ পৰা পুনৰ তিনিখন ৰাফেল যুদ্ধবিমান ভাৰতত উপস্থিত

November 4, 2020 9:52 pm · এন ই নাও নিউজ
ৰাফেল যুদ্ধবিমান।

আজি ফ্ৰান্সৰ পৰা আহি ভাৰতত পুনৰ তিনিখন ৰাফেল যুদ্ধবিমান উপস্থিত হয়।

ফ্ৰান্সৰ পৰা ক’তো নৰখাকৈ আহি আজি ৰাতিপুৱা ৮.১৪ মিনিটত ভাৰতৰ মাটিত অৱতৰণ কৰে ৰাফেল যুদ্ধ বিমান তিনিখনে।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে আনুষ্ঠানিকভাৱে এই কথা উল্লেখ কৰে।

ফ্ৰান্সৰ পৰা উৰা মৰাৰ পাছত ৰাফেল যুদ্ধবিমান তিনিখনে পোনে পোনে আহি জামনগৰত অৱতৰণ কৰে।

প্ৰথম পৰ্যায়ত ফ্ৰান্সে পাঁচখন ৰাফেল যুদ্ধবিমান ভাৰতৰ হাতত অৰ্পন কৰিছিল।

ভাৰতীয় বায়ু সেনা বাহিনীৰ আম্বালা বায়ু সেনা বাহিনীৰ ঘাটিত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধবিমান পাঁচখনক ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছিল।

উক্ত অনুষ্ঠানত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীও উপস্থিত আছিল।

আজি দ্বিতীয় পৰ্যায়ত নতুনকৈ অহা তিনিখন ৰাফেল যুদ্ধবিমানৰ সৈতে ভাৰতীয় বায়ু সেনা বাহিনীত মুঠ ৰাফেল যুদ্ধ বিমানৰ সংখ্যা আঠ খনলৈ বৃদ্ধি পালে।

Related News