NORTHEAST NOW (Assamese)

সমস্যা সমাধানৰ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ মাধ্যমিক শিক্ষক-কৰ্মচাৰীৰ

August 6, 2019 10:01 am · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি

ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰসংগত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই সোমবাৰে দিচপুৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে।

সাক্ষাতৰ সময়ত শিক্ষকৰ আৰ্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি কৰা, ইতিমধ্যে সাক্ষাৎকাৰ অনুষ্ঠিত হোৱা প্ৰধান শিক্ষকক অনতিপলমে নিযুক্তি দিয়া, ঠিকাভিত্তিক শিক্ষক সকলৰ দৰমহা মুকলি কৰি দিয়া তথা চাকৰি নিয়মীয়াকৰণ আদি সমস্যা সন্দৰ্ভত আলোচনা কৰা হয।

ইফালে মুখ্য মন্ত্ৰীয়ে আলোচনাৰ অন্তত সন্থাই উত্থাপন কৰা দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

মুখ্য মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত সন্থাৰ হৈ উপদেষ্টা প্ৰশান্ত দত্ত, উপ-সভাপতি গজেন দাস, সাধাৰণ সম্পাদক গোবিন্দ কলিতা আৰু ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক পবিত্ৰপ্ৰাণ ভট্টাচাৰ্যই অংশ লয়।

Related News