NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2024 10:25 am

নাগালেণ্ডৰ মন জিলাত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ৰ সময়ত আছাম ৰাইফলছৰ এটা দলে এক বৃহৎ পৰিমানৰ অস্ত্ৰ আৰু যোগাযোগৰ সঁজুলি জব্দ কৰে।

উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এঘাৰটা ৮২ মিমি মৰ্টাৰ, চাৰিটা আৰ চি এল টিউব, বিভিন্ন আকৃতিৰ দহটা পিষ্টল আৰু ১৯৯টা ৰেডিঅ’ চেট আৰু চেটেলাইট ফোনসহ বহু সংখ্যক যোগাযোগ যন্ত্ৰ।

অভিযানৰ সময়ত দলটোৱে ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা এজন ব্যক্তিক আটক কৰে। অধিক তদন্তৰ বাবে তেওঁক আৰক্ষীক গতাই দিয়া হৈছে।

লগতে পঢ়কঃ কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে এই বিৰল ছাইড এফেক্ট; স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই

সূত্ৰই জনোৱা মতে, এইবোৰৰ উপৰিও এখন বলেৰো আৰু এখন কেনবো মটৰ চাইকেলো জব্দ কৰা হৈছে।

উল্লেখ্য যে কেনবো চীনৰ অটোমোবাইল ব্ৰেণ্ড আৰু ভাৰতত নিষিদ্ধ।

এই অস্ত্ৰ-শস্ত্ৰসমূহ সৰবৰাহৰ আঁৰৰ লোক বা গোটসমূহৰ সন্ধান উলিয়াবলৈ অধিক তদন্ত চলাই থকা হৈছে।