• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে এই বিৰল ছাইড এফেক্ট; স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2024 9:39 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰটো আছিল ২০২০ চন। বজাৰত কৰ’নাৰ ভেকচিন আহিছিল মাত্ৰ। এষ্ট্ৰাজেনেকাৰ (AstraZeneca) ভেকচিন পৰীক্ষাৰ সময়ত এগৰাকী মহিলা স্বেচ্ছাসেৱী অসুস্থ হৈ পৰাৰ খবৰ ওলাইছিল। জানিব পৰা মতে, ভেকচিনৰ বেজী লোৱাৰ পিছতে এগৰাকী মহিলা স্বেচ্ছাসেৱক অচিন ৰোগত আক্ৰান্ত হয়।

ব্ৰিটিছ-ছুইডেনৰ এই প্ৰতিষ্ঠানটোৱে প্ৰথমে মহিলাগৰাকী কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল সেয়া জনোৱা নাছিল। পিছত তেওঁলোকে এক বিবৃতিত কয় যে মহিলাগৰাকীৰ শৰীৰত স্নায়ুৰ ৰোগ ধৰা পৰিছে। তেওঁ হয়তো ট্ৰেন্সভাৰ্ছ মাইলাইটিছত আক্ৰান্ত আছিল। মহিলাগৰাকীয়ে মেৰুদণ্ড আৰু পেশীত অসহ্যকৰ বিষ অনুভৱ কৰিছিল।

পিছত ব্ৰাজিলত অক্সফৰ্ড-এষ্ট্ৰাজেনেকা ভেকচিন পৰীক্ষাৰ সময়ত এজন স্বেচ্ছাসেৱকৰ মৃত্যুক লৈ হুলস্থুলৰ সৃষ্টি হয়। জনা যায় যে ভেকচিনৰ ডোজ দিয়াৰ পিছতে সেই স্বেচ্ছাসেৱকজনৰ শৰীৰত তেজ জমা হোৱা আৰম্ভ হৈছিল। তেওঁৰ শিৰাত তেজ জমা হৈ মৃত্যু হয়।

Apply Now

লগতে পঢ়কঃ পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল; ৰামদেৱৰ বিৰুদ্ধে দাখিল অপৰাধমূলক গোচৰ

ইয়াৰ পিছত এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ডি এন এ ভেকচিনৰ পৰীক্ষাও বন্ধ কৰি দিয়া হয়। ব্ৰিটিছ-ছুইডেনৰ এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ ভেকচিনত ভুল থকা বুলি স্বীকাৰ কৰিব বিচৰা নাছিল।

কিন্তু ইমান দিনৰ মূৰত পুনৰ জনা গৈছে যে ভাৰতত এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা কোভিশ্বিল্ড (CoviShield) নামৰ ভেকচিনটো, সেই ভেকচিনৰ ড’জত বিৰল ৰোগ হোৱাৰ সম্ভাৱনা আছে। এই ভেকচিন গ্ৰহণ কৰা কিছুমান লোকৰ থ্ৰম্ব’ছিছ বা তেজ জমা হোৱাৰ লক্ষণ দেখা গৈছে। দেখা দিয়া লক্ষণসমূহক চিকিৎসা বিজ্ঞানৰ ভাষাত থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰম (TTS) বুলি জনা যায়। আনকি তেজত থকা প্লেটলেট বা অনুচক্ৰিকা কমি যোৱাও দেখা গৈছে।

ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত ইয়াকে লৈ গোচৰ ৰুজু কৰা হৈছে। এষ্ট্ৰাজেনেকা ভেকচিনৰ ফলত বিৰল ৰোগৰ লক্ষণ দেখা দিয়াৰ পিছত দাখিল কৰা হৈছে গোচৰ। AstraZeneca-ই স্বীকাৰো কৰিছে যে ভেকচিনৰ ডোজৰ বাবেই এনে পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশ্বৰ কোটি কোটি লোকলৈ কৰোনা ভাইৰাছে যেতিয়া মৃত্যুৰ ভাবুকি আনিছিল, তেতিয়া কোভিড ভেকচিনে আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াকলৈও বিভিন্ন মহলত বিভিন্ন ধৰণৰ মত পাৰ্থক্য হৈছিল। এটা গোটে দাবী কৰিছিল যে কম বয়সীয়া ডেকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই ভেকচিন দায়ী। লগতে বহুতে দাবী কৰে যে কোভিড আহি পোৱাৰ পিছতহে অকাল মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায় সেই বিষয়েও আইচিএমআৰয়েও অধ্যয়ন কৰিছিল।

লগতে পঢ়কঃ IPL 2024: ইডেনত কলকাতাৰ মহাকাব্যিক জয়! দিল্লী কেপিটেলছক হৰুৱাই দ্বিতীয় স্থানলৈ নাইট ৰাইডাৰ্ছ

এষ্ট্ৰাজেনেকাৰ এই ভেকচিনৰ ফলত এক বিৰল স্নায়ুজনিত বিকাৰৰো অভিযোগ উত্থাপন হৈছিল। কিন্তু অক্সফৰ্ড আৰু জেন্নাৰ বিশ্ববিদ্যালয়ৰ ভাইৰ’লজিষ্টসকলে দাবী কৰিছিল যে ট্ৰেন্সভাৰ্ছ মাইলাইটিছ নামৰ স্নায়ুৰ ৰোগত আক্ৰান্ত ৰোগীৰ মেৰুদণ্ডৰ দুয়োফালে বিষ হয়। মেৰুদণ্ডৰ স্নায়ুত তীব্ৰ প্ৰদাহ আৰম্ভ হয়। কেতিয়াবা এই ৰোগত স্নায়ুবোৰে আৰু যোগাযোগ কৰিব নোৱাৰে। মগজুলৈ সংকেতো পঠিয়াব নোৱাৰে। ইয়াৰ ফলত স্পৰ্শানুভুতি হেৰুওৱা, পক্ষাঘাত, পেশীৰ বিষ, পেশীৰ খচখচনি, মূত্ৰাশয় আৰু আন্ত্ৰিক চিনড্ৰম আদিও দেখা দিয়ে। ভেকচিনৰ ডোজত এই ধৰণৰ স্নায়ুজনিত ৰোগ হোৱাৰ সম্ভাৱনা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd