• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: ইডেনত কলকাতাৰ মহাকাব্যিক জয়! দিল্লী কেপিটেলছক হৰুৱাই দ্বিতীয় স্থানলৈ নাইট ৰাইডাৰ্ছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2024 7:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্লে অফত স্থান নিশ্চিত কৰিবলৈ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত যিকোনো প্ৰকাৰে জয়লাভ কৰিবলগীয়া আছিল কলকাতা নাইট ৰাইডাৰ্ছৰ। কিয়নো এই মেচৰ আগলৈকে পাঁচটা দলৰেই ১০ পইণ্টকৈ আছিল। পূৰ্বৰ মেচখনত বিপুল ৰান সংগ্ৰহ কৰিও পঞ্জাব কিংছৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল নাইট ৰাইডাৰ্ছ।

সোমবাৰে কেকেআৰে ৭ উইকেটত জয়লাভ কৰি জয়ৰ পথলৈ ঘূৰি আহিল। শ্ৰেয়াছৰ দলটোৱে ১২ পইণ্টেৰে লীগ তালিকাত দ্বিতীয় স্থানত আছে। সোমবাৰে দিল্লীয়ে জয়ী হ’লে তেওঁলোক দ্বিতীয় স্থানলৈ উন্নীত হ’লহেঁতেন৷

খেলখন আছিল কলকাতা নাইট ৰাইডাৰ্ছ বনাম দিল্লী কেপিটেলছ। কিন্তু মেচখনৰ কেন্দ্ৰবিন্দু আছিল সৌৰভ গাংগুলী আৰু শ্বাহৰুখ খান।

Apply Now

এসময়ত সৌৰভ গাংগুলী কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আছিল। ইয়াৰ পিছত ঘটনাৰ পাকচক্ৰত কলকাতাৰ ড্ৰেছিং ৰুম এৰি পুনেলৈ ঢাপলি মেলিছিল সৌৰভ। এদশকৰ আগৰ সৌৰভৰ পুনে আৰু কেকেআৰৰ সেই মেচখন আজিও সকলোৰে মনত আছে। সেইদিনা বংগ যেন বিভক্ত হৈ পৰিছিল।

সৌৰভ এতিয়া দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক। ইডেনলৈ অহাৰ লগে লগে সৌৰভ ধ্বনিৰে উত্তাল চহৰখন। অৱশ্যে সোমবাৰৰ নিশাটো দিল্লীৰ নাছিল। নিশাৰ নিদ্ৰা কাঢ়ি নিছিল কে কে আৰে।

টছত জয়ী হৈ ঋষভ পণ্টে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দিল্লীয়ে আৰম্ভণিৰে পৰা নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল। কোনেও ডাঙৰ ৰান সংগ্ৰহ কৰিব পৰা নাছিল। মুম্বাইৰ বিৰুদ্ধে বিস্ফোৰক বেটিং কৰিছিল জেক ফ্ৰেজাৰে। সোমবাৰে তেওঁৰ বেট শান্ত হৈ থাকিল। দিল্লীৰ বেটছমেনৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰে কেৱল কুলদীপ যাদৱৰ। তেওঁ ৩৫ ৰানত অপৰাজিত হৈ থাকে। অধিনায়ক ঋষভে ২৭ ৰান সংগ্ৰহ কৰে। অৱশ্যে দিল্লীৰ ইনিংছ তছনছ কৰাৰ আঁৰত আছে কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰসকল।

শেষৰখন মেচত মিচেল ষ্টাৰ্কক ডাগআউটত ৰাখি খেলিছিল কেকেআৰে। সোমবাৰে ষ্টাৰ্কে খেলিছিল। ষ্টাৰ্কে ৪৩ ৰানত এটা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ তাৰকা বলাৰগৰাকীৰ বাবেই ফ্ৰেজাৰে ঘূৰি যাবলগীয়া হৈছিল। স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ১৬ ৰানত ৩টা উইকেট দখল কৰে। বৈভৱ অৰোৰা আৰু হৰ্ষিত ৰাণাই ২টাকৈ উইকেট দখল কৰে। কলকাতাৰ বলাৰসকলে আক্ৰমণাত্মকভাৱে বল কৰে।

শ্বাহৰুখ খানে কলকাতাৰ এই আগ্ৰাসী বলিং-বেটিং চাব বিচাৰিছিল। খেলৰ এদিন আগতে তেওঁ কলকাতা চহৰলৈ আহিছিল। কিং খানে পুত্ৰ আব্ৰামক ক্ৰিকেটৰ সাধাৰণ পাঠ দিয়াও দেখা গৈছিল। সোমবাৰে কলকাতাৰ খেলুৱৈসকলে তেওঁৰ সন্মুখত নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। কে কে আৰ বলাৰৰ দক্ষতাৰ বাবেই দিল্লী কেপিটেলে ১৫৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

সেই ৰানৰ লক্ষ্য খেদি ফিল ছল্টে ধুমুহাৰ সৃষ্টি কৰিলে। অ’পেন কৰিবলৈ নামি তেওঁ আৰু সুনীল নাৰাইনে ৭৯ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। কিন্তু সুনীল নাৰাইনে পূৰ্বৰ দিনটোৰ দৰে আগ্ৰাসী বেটিং কৰিব নোৱাৰিলে। ১৫ ৰান সংগ্ৰহ কৰি অক্ষৰ পেটেলৰ বলত আউট হৈ উভতি আহে। নাৰাইন, ছল্ট, ৰাছেলৰ শক্তিৰ বাবে ৰিংকু সিঙে বেটিং কৰাৰ বিশেষ সুযোগ পোৱা নাছিল। সোমবাৰে তেওঁক তিনি নম্বৰত পঠিওৱা হৈছিল।

বিশ্বকাপৰ বাবে দলটো এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু শ্বাহৰুখ খানে নিৰ্বাচকসকলৰ ওপৰত চাপ বৃদ্ধি কৰিলে। আই পি এল সম্প্ৰচাৰক সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহৰুখে কয় যে মই ৰিংকু বিশ্বকাপৰ দলত থকাটো বিচাৰো।

সোমবাৰে যেতিয়া ৰিংকুৱে বেটিং কৰিবলৈ নামিছিল, তেতিয়া কেকেআৰ শিবিৰত জয়ৰ গোন্ধ বিয়পিছিল। ১৫৩ ৰান টী-২০ ফৰ্মেটত বৰ ডাঙৰ ৰান নহয়। তাৰ উপৰি ফিল ছল্টে বিধ্বংসী বেটিং অব্যাহত ৰাখিছে। দিল্লীৰ বলাৰসকলক গোটেই খেলপথাৰৰ চৌদিশে মাৰি পঠিয়াইছিল। ফলত ৰিংকুৰ ওপৰত কোনো চাপ নাছিল। ছল্ট (৬৮)ক অক্ষৰ পেটেলে আউট কৰে। তেতিয়া কে কে আৰৰ ৰান আছিল ২ উইকেটত ৯৬ ৰান।

ৰিংকুৱেও ৰান নাপালে। তেওঁ ১১ ৰান কৰি উভতি আহিল। অৱশ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ মেচখনত জয়ী হোৱাত কোনো সমস্যা নাছিল। অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু ভেংকটেশ আয়াৰ শেষলৈকে অপৰাজিত থাকি বাকী কামখিনি শেষ কৰিলে। এই জয়েৰে কেকেআৰে ৯খন খেলত মুঠ ১২ পইণ্ট সংগ্ৰহ কৰে।

সংক্ষিপ্ত স্কোৰঃ

দিল্লী কেপিটেলছ-১৫৩/৯ (কুলদীপ ৩৫*, পন্ত ২৭, বৰুণ ৩/১৬)

কলকাতা নাইট ৰাইডাৰ্ছ – ১৫৭/৩ (ছল্ট ৬৮)

কেকেআৰে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd