ভাৰত ৰত্ন শচীন টেণ্ডুলকাৰৰ নিৰাপত্তা হ্ৰাস মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰৰ
ভাৰতীয় ক্ৰিকেটৰ ভগৱান স্বৰূপ তথা ৰাজ্য সভাৰ সাংসদ শচীন টেণ্ডুলকাৰৰ সুৰক্ষা ব্যৱস্থা হ্ৰাস কৰা হৈছে।
মহাৰাষ্ট্ৰ চৰকাৰৰ এখন সমিতিয়ে সুৰক্ষাৰ ক্ষেত্ৰত থকা দিশসমূহ পৰ্যালোচনা কৰি বিভিন্ন ব্যক্তিৰ সুৰক্ষা ব্যৱস্থাত সালসলনি কৰে।
ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ গৰাকীৰ সুৰক্ষা ব্যৱস্থা হ্ৰাস কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ পুত্ৰ তথা বিধায়ক আদিত্য থাকৰেৰ সুৰক্ষা বৃদ্ধি কৰা হৈছে।
আদিত্যক Z শ্ৰেণীৰ সুৰক্ষা ব্যৱস্থা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আনহাতে, বৰ্তমানলৈ টেণ্ডুলকাৰক X শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হৈছিল য’ত এগৰাকী আৰক্ষীয়ে দিনে-ৰাতি খেলুৱৈ গৰাকীক সুৰক্ষা প্ৰদান কৰিছিল।
এতিয়া টেণ্ডুলকাৰৰ X শ্ৰেণীৰ নিৰাপত্তা ওভটাই লোৱা হৈছে যদিও যেতিয়াই তেওঁ ঘৰৰ বাহিৰলৈ ওলাব আৰক্ষীৰ সুৰক্ষা দিয়া হ’ব।
ভাৰতীয় ক্ৰিকেটক বিশ্ব ক্ৰিকেটৰ আগশাৰীত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা শচীন টেণ্ডুলকাৰক চৰকাৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিছে।