NORTHEAST NOW (Assamese)

Mukesh Ambani আক্ৰমণৰ আশংকা! মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াত কটকটীয়া নিৰাপত্তা মুম্বাই আৰক্ষীৰ

November 9, 2021 10:04 am · এন ই নাও নিউজ, গুৱাহাটী

Mukesh Ambani দেশৰ আটাইতকৈ ধনী ঔদ্যোগপতি মুকেশ আম্বানিৰ বাসভৱনত পুনৰ আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে? হাতত ডাঙৰ বেগ লৈ অহা দুগৰাকী অচিনাক্ত ব্যক্তিয়ে আম্বানিৰ ঘৰৰ সন্ধান কৰিছিল। এজন টেক্সি চালকে ফোন কৰি মুম্বাই আৰক্ষীক এইকথা জনাইছিল।

মুম্বাই আৰক্ষীয়ে এই খৱৰ লাভ কৰাৰ পাছতেই ততাতয়াকৈ মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াৰ নিৰাপত্তা ব্যাপক ৰূপত বঢ়াই তোলে।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁলোকলৈ অহা এটা ফোনত এজন টেক্সি চালকে জানিবলৈ দি কয় সোমবাৰে দুপৰীয়া তেওঁৰ ওচৰলৈ আহি দুজন অচিনাক্ত ব্যক্তিয়ে মুকেশ আম্বানিৰ বাসভৱনৰ ঠিকনা বিচাৰে।

টেক্সি চালকজনে জানিবলৈ দিয়ে যে ব্যক্তি দুজনৰ হাতত দুখন ডাঙৰ বেগ আছিল আৰু তেওঁলোকৰ আচৰণো সন্দেহজনক আছিল।

Also Read: Women Football ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে ভাল খৱৰ; দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন একাংশ যুৱতী-কিশোৰীৰ

টেক্সি চালকজনে লগে লগে ফোন কৰি আৰক্ষীক খৱৰ দিয়ে আৰু মুম্বাই আৰক্ষীয়েও লগে লগেই এন্টিলিয়াৰ নিৰাপত্তা কটকটীয় কৰি তোলাৰ লগতে চিচিটিভি ফুটেজ পৰীক্ষা কৰি চায়।

উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত মুম্বাইৰ মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াৰ সন্মুখত ৰৈ থকা এখন গাড়ীত ২০ টিন জিলেটিন ষ্টিক উদ্ধাৰ হৈছিল।

সেই ঘটনাৰ তদন্তত আৰক্ষী বিষয়া শচীন ওৱাজৰ নাম জড়িত হৈ পৰিছিল। মুম্বাই আৰক্ষীয়ে তাৰ পাছতে তেওঁক চাকৰিৰ পৰা অপসাৰণ কৰে।

Also Read: Mega Vaccination Drive গোলাঘাটত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা; ২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান

বাতৰি অনুসৰি, যিখন গাড়ীত বোমা ৰখা হৈছিল সেই গাড়ীখনৰ মালিক ব্যৱসায়ী মনসুখ হিৰনক যোৱা ৫ মাৰ্চত মৃত অৱস্থাত পোৱা গৈছিল।

অভিযোগ দাখিল হোৱা শচীন ওৱাজক জেৰা কৰাৰ পাছত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (এন আই এ) য়ে গ্ৰেপ্তাৰ কৰিছিল।       

Related News