NORTHEAST NOW (Assamese)

নদীৰ মাজত ছেলফি উঠিবলৈ গৈ কেনে অৱস্থা হ’ল যুৱতীৰ, চাওঁক ভিডিঅ’

July 25, 2020 4:36 pm · এন ই নাও নিউজ
Updated: July 25, 2020 5:05 pm

লক ডাউনৰ বাবে বহু দিন ধৰি ঘৰতে আৱদ্ধ হৈ আছিল তেওঁলোক।

সেয়ে সুবিধা পায়েই চিধাই গ’ল পিকনিক খাবলৈ।

লকডাউনে বিৰক্ত কৰা মধ্যপ্ৰদেশৰ ছিন্দাৱাৰা জিলাৰ জুনাৰদেও নামৰ গাওঁ খনৰ বাসিন্দা ৬ বান্ধৱীয়ে পিকনিক খোৱাৰ উদ্দেশ্য গৈছিল বেলখেদি গাওঁৰ পেঞ্চ নদীৰ কাষলৈ।

এ এন আইৰ বাতৰি মতে পিকনিকৰ আয়োজন চলি থকাৰ মাজতে দলটোৰ মাজৰে দুই বান্ধৱী ক্ৰমে মেঘা জাওৰে আৰু পুজা ত্ৰিপাঠীয়ে নদীৰ মাজলৈ গ’ল ছেলফি উঠিবলৈ।

নদীত তেতিয়া বিশেষ পানী নাছিল। সেয়ে বিশেষ চিন্তা নকৰাকৈয়ে দুই যুৱতীয়ে নৈৰ মাজৰ এটা শিলৰ ওপৰত উঠি একান্ত মনেৰে ছেলফি উঠাত লাগিল।

হঠাতে বান্ধ খুলি দিয়াত নৈৰ পানী বাঢ়ি আহিবলৈ ধৰিলে।

 

কিন্তু সেই কথালৈ ভ্ৰুক্ষেপ নাই দুই যুৱতীৰ। অৱশেষত পানীয়ে যেতিয়া ভৰি চুই গ’ল তেতিয়াহে সম্বিত ঘূৰাই পালে তেওঁ লোকে।

কিন্তু তেতিয়ালৈ তীব্ৰ গতিৰে বাঢ়ি আহিছিল নৈৰ পানী।

ঘটনা বিষম দেখি পাৰত থকা সকলে ফোন কৰি খবৰ দিলে আৰক্ষীক।

আৰক্ষী আহিল আৰু বহু চেষ্টাৰ অন্তত যুৱতী দুগৰাকীক নিশ্চিত মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিলে।

এই ঘটনাৰ ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে ইন্টাৰনেটৰ জগতত।

Related News