NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ এগৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু; ২৪ ঘণ্টাত ১৫ গৰাকী ক’ৰ’না পজিটিভ, মুঠ মৃত্যু-৪, আক্ৰান্ত-১১৫

May 18, 2020 11:34 pm · কল্পজ্য়োতি শইকীয়া
Updated: May 18, 2020 11:36 pm

গুৱাহাটী মহানগৰীত পুনৰ ৭ গৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্ত ৭ গৰাকী লোকৰ ভিতৰত দুৰ্ভাগ্যৱশত এগৰাকী লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব টুইটাৰযোগে জনায়।

গুৱাহাটীত নতুনকৈ ক’ৰ’না আক্ৰান্ত ৰোগী কেইজনৰ ৩ গৰাকী সৰুসজাই কোৱাৰেণ্টাইন কেম্পৰ হোৱাৰ বিপৰীতে ৩ গৰাকী ফাঁচিবজাৰৰ আলু গুদামৰ ওচৰৰ কণ্টেইনমেণ্ট জ’নৰ সৈতে সম্পৰ্কিত বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা লোকজনৰ শৰীৰত মৃত্যুৰ পাছত কৰা ক’ৰ’নাৰ পৰীক্ষাতহে ক’ৰ’না পজিটিভ ধৰা পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হয় লোকজনৰ।

গুৱাহাটীত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত ৭ গৰাকী লোকক ধৰি বৰ্তমানলৈ অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১১৫ গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, বিগত ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত মুঠ ১৫ গৰাকীকৈ ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ মৃত্যু হৈছে।

আজিৰ দিনটোত গুৱাহাটীত ৭ গৰাকী, গোলাঘাটত ৪ গৰাকী, কাছাৰত ২ গৰাকী, নগাঁও আৰু যোৰহাটত এগৰাকীকৈ লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

তদুপৰি ৰাজ্যত ৪১ গৰাকী লোকে ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুৰ সংখ্যা চাৰি গৰাকীলৈ বৃদ্ধি পায়।

Related News