NORTHEAST NOW (Assamese)

শংকিত আন কেইবাজনো চিকিৎসকে ইস্তফা দিলে বাগানৰ চাকৰি

September 4, 2019 8:04 am · এন ই নাও নিউজ
Updated: September 4, 2019 8:37 am
নুমলীগড় চাহ বাগিচাৰ চিকিৎসক ডা: অজয় কটকী আৰু তেওঁৰ ইস্তফা পত্ৰখন।

চাহ বাগিচাত উন্মত্ত শ্ৰমিকৰ দ্বাৰা ডা: দেৱেন দত্তৰ নৃশংস হত্যাকাণ্ডত শংকিত হৈ আন কেইবাজনো কৰ্মৰত চিকিৎসকে বাগিচাৰ চাকৰি ইস্তফা দিয়াৰ খবৰ পোৱা গৈছে।

৩ ছেপ্টেম্বৰৰ দিনটোত চাকৰি ইস্তফা দিয়া চিকিৎসকসকলৰ ভিতৰত আছে যোৰহাট জিলাৰ হোনোৱাল চাহ বাগিচাৰ চিকিৎসক নিপুণ কৰ্মকাৰ, ভেলেউগুৰি চাহ বাগিচাৰ ডা: এছ এন সিং, কাকজান বাগিচাৰ ডা: লোপা দাস, হোনোৱাল চাহ বাগিচাৰ ফাৰ্মাচিষ্ট মানৱজ্যোতি বৰা, ডিব্ৰুগড়ৰ এখন চাহ বাগিচাৰ চিকিৎসক ৰবি বৰুৱা। দিচৈ চাহ বাগিচাৰ ভিজিটিং ডক্টৰ ডা: মুনীন গোস্বামীয়েও কৰ্তৃপক্ষৰ লগত তেওঁৰ ইস্তফা সম্পৰ্কত যোগাযোগ কৰা বুলি জানিব পৰা গৈছে।

আটাইকেইজন চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে নিজৰ আৰু পৰিয়ালৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাৰ শংকাত ভুগি চাকৰি ইস্তফা দিয়া বুলি কৰ্তৃপক্ষক জনাইছে।

ইয়াৰ পূৰ্বে গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাৰ চিকিৎসক ডা: অজয় কটকীয়ে বাগিচা কৰ্তৃপক্ষৰ হাতত নিজৰ ইস্তফাপত্ৰ অৰ্পণ কৰিছিল।

ৰাজ্যখনক জোকাৰি যোৱা ৩১ আগষ্টত এমালগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ টীয়ক চাহ বাগিচাত জ্যেষ্ঠ চিকিৎসক ডা: দেবেন দত্তৰ নৃশংস হত্যাকাণ্ডত বহুকেইজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

ঘটনাটোৱে ৰাজ্যৰ চিকিৎসকসকলক ২৪ ঘণ্টীয়া কৰ্মবিৰতি প্ৰতিবাদী কাৰ্য্যসূচী ল’বলৈ বাধ্য কৰে।

চিকিৎসকৰ বিৰুদ্ধে হোৱা এই নৃশংসতাৰ পিছৰ পৰিস্থিতি বুজ ল’বলৈ ৪ ছেপ্টেম্বৰত ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ ডা: শান্তনু সেন নতুন দিল্লীৰ পৰা যোৰহাটলৈ অহাৰ কথা। তেওঁক ভুক্তভোগীৰ পৰিয়ালটোকো সাক্ষাৎ কৰিব।

Related News