NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 31, 2025 5:23 pm
প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

অসমৰ সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বাতিল কৰিছে কেইবাটাও নিযুক্তি পৰীক্ষা।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষা বাতিল কৰা হৈছে।

বিভাগটোৰ DPM আৰু ADPM পদৰ বাবে লিখিত পৰীক্ষা বাতিল কৰা হৈছে।

১ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। প্ৰতিকূল বতৰৰ বাবে P&RD পৰীক্ষা দুটা বাতিল কৰা হৈছে।

প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো পৰীক্ষা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও আজিৰ দিনটোত স্থগিত কৰা হৈছে।