NORTHEAST NOW (Assamese)
দেশ

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2022 5:13 pm
Supreme Court on sex worker

ভাৰতীয় সমাজত দেহ ব্যৱসায়ৰ ধাৰণাটোক বৰ্তমান সময়তো অস্পৃশ্য হিচাপে গণ্য কৰা হয়। দেহ ব্যৱসায়ৰ লগত জড়িত যৌন কৰ্মীসকলক এতিয়াও দেশত ঘৃণাৰ দৃষ্টিৰে চোৱা হয়। শেহতীয়াকৈ হিউমেন ৰাইটছ ৱাটচৰ এক প্ৰতিবেদনত ভাৰতত ২ কোটিৰো অধিক যৌনকৰ্মী আছে বুলি প্ৰকাশ পাইছিল। এই যৌন কৰ্মীসকলে ইমানদিনে লাভ কৰা নাছিল নায্যতা। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ ৰায়।

অৱশেষত দীৰ্ঘ সংগ্ৰামৰ অন্তত ভাৰতৰ যৌনকৰ্মীসকলে লাভ কৰিলে আইনী স্বীকৃতি। উচ্চতম ন্যায়ালয়ে সাধাৰণ চাকৰিৰ দৰেই বেশ্যাবৃত্তিকো ‘জীৱিকা’ হিচাপে স্বীকৃতি দিলে। উচ্চতম ন্যায়ালয়ে কয় যে যৌন সেৱা প্ৰদান কৰাটোও এক আইনী বৃত্তি। যিসকল এই বৃত্তিৰ লগত জড়িত তেওঁলোকৰো সন্মানজনক জীৱন-যাপনৰ অধিকাৰ আছে।

এতিয়াৰে পৰা যৌন সেৱা আগবঢ়োৱা বা যৌনকৰ্মী হিচাপে কাম কৰা সকলক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব। অথবা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ মতে ভাৰতৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ অধিকাৰ আছে। যৌনকৰ্মীসকলৰো আইনী সুৰক্ষাৰ অধিকাৰ আছে। যদি কোনো প্ৰাপ্তবয়স্ক যৌনকৰ্মীয়ে স্বেচ্ছাই কাৰোবাক সেৱা আগবঢ়ায় তেন্তে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, ন্যায়াধীশ বি আৰ গভোই আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ সংমণ্ডল বিচাৰপীঠে যৌনকৰ্মীৰ বাবে কেইবাটাও নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে। বিচাৰপীঠে কয় যে যদি কোনো যৌনকৰ্মীক কৰ্মস্থলীত হাৰাশাস্তি কৰা হয় তেন্তে তেওঁক সকলো আইনী সাহায্য প্ৰদান কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আৰক্ষীৰ যিকোনো অভিযানৰ সময়ত যৌনকৰ্মীৰ গোপনীয়তাৰ দিশত নজৰ ৰাখিব লাগিব। যৌনকৰ্মীৰ অধিকাৰৰ বিষয়ে তেওঁলোকক সজাগ কৰা প্ৰয়োজন।

কেৱল বেশ্যাবৃত্তিক বৃত্তি হিচাপে বাছি লোৱাৰ বাবেই কোনো নাৰীক সন্তানৰ পৰা বিচ্ছিন্ন কৰা উচিত নহয় বুলিও বিঠাৰপীঠে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তদুপৰি শিশু এটা বেশ্যালয়ত আছে বুলিয়েই তেওঁক সৰবৰাহ কৰা হৈছে বুলি ক’ব নোৱাৰি বুলিও বিচাৰপীঠে উল্লেখ কৰে।

শীৰ্ষ আদালতে কয়, “প্ৰায়েই লক্ষ্য কৰা হৈছে যে যৌনকৰ্মীৰ প্ৰতি আৰক্ষীৰ মনোভাৱ প্ৰায়ে নৃশংস আৰু হিংসাত্মক হয়। যেন যৌনকৰ্মীৰ কোনো অধিকাৰেই নাই।” এনে ক্ষেত্ৰত বিশেষকৈ অপৰাধমূলক এজাহাৰ দাখিল কৰা যৌনকৰ্মীৰে বৈষম্যমূলক আচৰণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

যৌন নিৰ্যাতনৰ বলি হোৱা যৌনকৰ্মীসকলক তাৎক্ষণিক চিকিৎসা-আইনী যত্নকে ধৰি প্ৰতিটো সুবিধা প্ৰদান কৰা হ’ব বুলিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সন্নিৱিষ্ট কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ এই নতুন নিৰ্দেশনাৰ দ্বাৰা দেশৰ প্ৰায় ২ কোটি যৌনকৰ্মী উপকৃত হ’ব। যদিও দেশত বেশ্যাবৃত্তি অবৈধ নহয়, তথাপিও বেশ্যালয় চলোৱা বা দেহ ব্যৱসায়ক উচটনি দিয়াটো অপৰাধ বুলি গণ্য কৰা হয়। এই আইনৰ বাবেই বহু সময়ত যৌনকৰ্মীসকল হাৰাশাস্তিৰ সন্মূখীন হৈ আহিবলগীয়া হৈছে।

তদুপৰি এই বৃত্তিৰ লগত জড়িতসকলৰ প্ৰতি সমাজে প্ৰায়েই কু-দৃষ্টিৰে চাই আহিছে। আইন সংস্কাৰৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহক যৌনকৰ্মী বা তেওঁলোকৰ প্ৰতিনিধিক জড়িত কৰাৰ পৰামৰ্শ দিছে আদালতে। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনাৰ পিছত দেশৰ লাখ লাখ যৌনকৰ্মীয়ে কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে।