NORTHEAST NOW (Assamese)

ভাতৃৰ মহাবিস্ফোৰণ: ধন দি পৰিচাৰিকাৰ মুখ বন্ধ কৰিলে নৱাজুদ্দিন ছিদ্দিকিয়ে!

February 22, 2023 4:22 pm · এন ই নাও নিউজ, গুৱাহাটী

বলিউদৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ পৰিচাৰিকা স্বপ্নাই হঠাতে অভিনেতাগৰাকীৰ বিৰুদ্ধে অনা অভিযোগ প্ৰত্যাহাৰ কৰিছে। অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ প্ৰতি সুৰ সলনি কৰি কৰি এইবাৰ পত্নী আলিয়া ছিদ্দিকিৰ বিৰুদ্ধে আনিছে নতুন অভিযোগ।

নৱাজৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰত্যাহাৰ কৰি ক্ষমা বিচাৰি অভিনেতাগৰাকীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাছতে ভাতৃ শ্বামাছ ছিদ্দিকিয়ে এইবাৰ বিস্ফোৰন ঘটাইছে।

নৱাজুদ্দিনৰ ভাতৃয়ে টুইটত বিস্ফোৰণ ঘটাই কয় যে নৱাজে স্বপ্নাক তেওঁৰ হৈ কথা ক’বলৈ ধন দিছে। ইয়াৰ পিছত ভাতৃ নৱাজক তেওঁৰ প্ৰশ্ন কৰে “এইদৰে আৰু কিমান মানুহ কিনিব?”

এই বিস্ফোৰণ ঘটোৱাৰ পাছতে নৱাজুদ্দিনৰ ভাতৃ শ্বামাছক আলিয়াৰ অধিবক্তা ৰিজৱান ছিদ্দিকিয়েও সমৰ্থন কৰিছে।

উল্লেখ্য যে নৱাজ আৰু ভাতৃৰ মাজত হোৱা কাজিয়াৰ কথা বলিউদৰ সকলোৰে অৱগত। কেইবছৰমান পূৰ্বে তেওঁ নৱাজৰ কাম-কাজ চোৱাচিতা কৰিছিল। আনকি এখন ছবি পৰিচালনাও কৰিছিল। ‘বোলে চুদিয়ান’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ভাতৃ নৱাজে। ছবিখন মুক্তি পোৱাৰ আগতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।

ইফালে পূৰ্বেও ডুবাইৰ এটা ঘৰত টকা-পইচা বা আহাৰ নিদিয়াক লৈ পৰিচাৰিকা স্বপ্নাই সামাজিক মাধ্যমত এক ভিডিঅ’যোগে নৱাজুদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। পৰিচাৰিকা স্বপ্নাই তেওঁক আবদ্ধ কৰি ৰখাৰো অভিযোগ কৰিছিল।

নৱাজৰ পত্নী আলিয়া ছিদ্দিকীৰ অধিবক্তা ৰিজৱান ছিদ্দিকীয়ে ছ’চিয়েল মিডিয়াত পৰিচাৰিকাগৰাকীৰ কান্দোনৰত ভিডিঅ’টো সামাজিক মাধ্যমত পোষ্ট কৰিছিল। খবৰ অনুসৰি অভিনেতাগৰাকীৰ মেনেজাৰে পৰিচালিকাগৰাকীক নৱাজুদ্দিনৰ বিৰুদ্ধে অনা অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অহৰহ ভাবুকি দি আহিছে।

পৰিচাৰিকা স্বপ্নাই হঠাতে নৱাজুদ্দিন ছিদ্দিকিৰ বিৰুদ্ধে অনা অভিযোগ প্ৰত্যাহাৰ কৰাৰ পাছত সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

Related News