NORTHEAST NOW (Assamese)
দেশ

উবাচ সাধ্বী! বিবাহৰ পূৰ্বে স্বাৰাই চাব লাগিছিল শ্ৰদ্ধাৰ ফ্ৰীজ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2023 6:09 pm
Sadhvi Prachi on Swara Bhasker

সময়ে সময়ে বৰূপ মন্তব্যৰে চৰ্চালৈ অহা হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচীয়ে পুনৰ এবাৰ আশ্চৰ্যকৰ মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে। এইবাৰ হিন্দুত্ববাদী নেতৃগৰাকীয়ে এক আজৱ মন্তব্য কৰিছে শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হোৱা বলীউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰক লক্ষ্য কৰি।

উচতনিমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ বাবে পৰিচিত সাধ্বী প্ৰাচীয়ে দিল্লী দেশ কঁপোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ উদাহৰণ দি পৰোক্ষভাৱে আন এক সাম্প্ৰদায়িক মন্তব্য কৰে। শ্ৰদ্ধাৰ লিভ-ইন সংগী আফতাব পুনাৱালাই শ্ৰদ্ধাক হত্যা কৰি ফ্ৰীজত দেহৰ কটা টুকুৰা লুকুৱাই ৰখা খবৰে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এতিয়া সাধ্বী প্ৰাচীয়ে এই ঘটনাৰে সংগতি ৰাখি স্বাৰা ভাস্কৰে তেওঁৰ প্ৰেমিক তথা সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমেদৰ সৈতে বিবাহত বহাৰ পূৰ্বে এবাৰ ফ্ৰীজটো চাব লাগিছিল বুলি বিৰূপ মন্তব্য কৰিছে। মূলত: ফাহাদ আহমেদৰ ধৰ্মীয় পৰিচয়লৈ ইংগিত দিয়েই সাধ্বী প্ৰাচীয়ে এই মন্তব্য কৰা বুলি চৰ্চিত হৈছে।

এক সংবাদ সংস্থাৰ সৈতে সাক্ষাৎকাৰত সাধ্বী প্ৰাচীয়ে কয় যে স্বাৰা ভাস্কৰ সদায় হিন্দু ধৰ্মৰ বিৰোধী হৈ আহিছে। হিন্দুত্ববাদী নেত্ৰীগৰাকীয়ে কয়, “মই নিশ্চিত আছিলো যে তেওঁ এনে কাৰোবাক বিয়া কৰাব, যি হিন্দু ধৰ্মৰ নহয়। আৰু তেওঁ মুছলমানক বিয়া কৰাইছে।”

“সম্ভৱতঃ স্বাৰা ভাস্কৰে শ্ৰদ্ধাৰ মৃতদেহ কেনেদৰে ৩৫ টুকুৰা কৰি কাটি পেলোৱা হ’ল সেই খবৰটোলৈ গুৰুত্ব নিদিলে। ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁ এবাৰ ফ্ৰীজটো চাব লাগিছিল। এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত, কিন্তু শ্ৰদ্ধাৰ লগত হোৱা ঘটনা স্বাৰাৰ ক্ষেত্ৰতো হ’ব পাৰে।”— সাধ্বী প্ৰাচীয়ে লগতে কয়।

উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰে বিগত সময়চোৱাত বিজেপি চৰকাৰ আৰু হিন্দুত্ববাদী সংগঠনসমূহক লক্ষ্য কৰি সোচ্চাৰ হৈ আহিছিল। যাৰ বাবে তেওঁ বহুসময়ত মৌখিক আক্ৰমণৰ সন্মুখীন হৈ আহিছে। যোৱা ১৬ ফেব্ৰুৱাৰীত সামাজিক মাধ্যম যোগে স্বাৰা ভাস্কৰে ফাহাদ আহমেদৰ সৈতে বিবাহৰ কথা ঘোষণা কৰিছিল।