NORTHEAST NOW (Assamese)

কোহলী-ৰোহিতক অতিক্ৰমী আই পি এলত শিখৰ ধাৱানে গঢ়িলে এক অভিলেখ

October 15, 2020 2:51 pm · এন ই নাও নিউজ

দিল্লী কেপিটেলছ দলৰ অপেনিং বেটছমেন শিখৰ ধাৱানে এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা মেচখনত ধাৱানে ৫৭ ৰানৰ সুন্দৰ ইনিংছ খেলি এটা অভিলেখ গঢ়ে।

কালিৰ এই ইনিংছটোৰ জৰিয়তে ধাৱানে আই পি এলত অৰ্ধশতক অৰ্জনকাৰীৰ তালিকাৰ দ্বিতীয় স্থানত উপনীত হয়।

অৰ্ধশতক অৰ্জনৰ ক্ষেত্ৰত ধাৱানে বিৰাট কোহলী, সুৰেশ ৰাইনা আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰে। কোহলী, ৰাইনা আৰু ৰোহিতৰ নামত আছে ৩৮টাকৈ অৰ্ধশতক।

ৰাজস্থানৰ বিৰুদ্ধে ধাৱানে আই পি এল কেৰিয়াৰৰ ৩৯তম অৰ্ধশতকটো অৰ্জন কৰে। আই পি এলত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা ক্ৰিকেটাৰ গৰাকী হৈছে ডেভিড ৱাৰ্ণাৰ।

ৱাৰ্ণাৰে এই পৰ্যন্ত ৪৬টা অৰ্ধশতক অৰ্জন কৰিছে।

আই পি এল ইতিহাসত ৱাৰ্ণাৰে ৫০ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰাৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে কোনেও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাই।

ইফালে আই পি এলত শতক অৰ্জনকাৰীৰ তালিকাৰ প্ৰথম স্থানত আছে ক্ৰিছ গেইল। গেইলে এই পৰ্যন্ত ৬টা শতকীয় ইনিংছ খেলিছে। ৫টা শতকেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে বিৰাট কোহলী।

Related News