NORTHEAST NOW (Assamese)

শিল্পগ্ৰাম মহোৎসৱ ২০২৫: আজিৰে পৰা দেশৰ ১৪ ৰাজ্যৰ লোক পৰম্পৰাগত সংগীত-নৃত্যৰে মুখৰিত হ’ব গুৱাহাটী

January 17, 2025 10:42 am · এন ই নাও নিউজ, গুৱাহাটী

বাৰেৰহনীয়া লোক, পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত-নৃত্য সমাহাৰেৰে পাঁচদিনীয়া অনুষ্ঠানসূচীৰে আজি (শুকুৰবাৰ) বিয়লি আনুষ্ঠানিকভাৱে মুকলি হ’ব শিল্পগ্ৰাম মহোৎসৱ-২০২৫।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন.ই.জেড.চি.চি.) ৰ উদ্যোগত ১৭ জা‌নুৱাৰীৰ পৰা ২১ জানুৱাৰী, ২০২৫ লৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত-শিল্পগ্ৰাম মহোৎসৱ অনুষ্ঠিত হ’ব।

২০০৬ চনৰ ১৭ জানুৱা‌ৰীত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূবাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ শিল্পগ্ৰাম‌ৰ ২০ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এইবেলিৰ শিল্পগ্ৰাম মহোৎসৱত আঠভনী ৰাজ্যৰ লগতে ভাৰত বৰ্ষৰ ১৪ খন ৰাজ্যৰ লোক সাংস্কৃতিক শিল্পীৰ দলৰ লোক-কলা-কুশলীয়ে ‌অংশগ্ৰহণ কৰিব।

এন.ই.জেড.চি.চি. সঞ্চালক ডা: প্ৰসন্ন গগৈৰ গতিশীল প্ৰচেষ্টাত লোক সাংস্কৃতিক পথাৰখনক অধিক মহিয়ান কৰাৰ মানসেৰে বৰ্ণিলভাৱে আয়োজিত এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানটি ১৭ জানুৱাৰীত বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, মহোৎসৱৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভ হ’ব লগীয়া প্ৰথম দিনা ভাৰতৰ ১৪ ৰাজ্যৰ নৃত্য-সংগীতৰ এক আকৰ্ষণীয় নৃত্য সংৰচনা পৰিবেশিত হ’ব।

Related News