NORTHEAST NOW (Assamese)

Shiva Thapa,ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ তাৰকা বক্সাৰ শিৱ থাপাৰ

September 20, 2021 11:47 am · নৰ্থ ইষ্ট নাও
Updated: September 20, 2021 12:00 pm

Shiva Thapa, অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ।

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পাঁচ বাৰৰ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই পঞ্চম বাৰ্ষিক এলাইট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাই শক্তিশালী প্ৰতিপক্ষ অংকিত নাৰৱালক পৰাস্ত কৰে।

৬৩.৫ কিলোগ্ৰাম ওজনৰ শাখাত শিৱ থাপাই প্ৰতিপক্ষ বক্সাৰ জনক ৪-১ ব্যৱধানত পৰাস্ত কৰে।

অসমৰ প্ৰতিশ্ৰুতি সম্পন্ন তাৰকা বক্সাৰ গৰাকীয়ে আৰম্ভণিৰে পৰাই দমনীয় প্ৰদৰ্শন দাঙি ধৰে আৰু শক্তিশালী পাঞ্চেৰে বিপক্ষৰ খেলুৱৈজনক প্ৰতি আক্ৰমণৰ কোনো সুযোগেই নিদিলে।

Also read : শিৱসাগৰত পাবজি খেলিবলৈ কিশোৰে সমনীয়াৰে মিলি মাতৃৰ একাউন্টৰ পৰা চুৰ কৰিলে ১৯ লাখ টকা

কৰ্ণাটকত চলি থকা প্ৰতিযোগিতা খনত আজি শিৱ থাপাই জয়ৰ লক্ষ্যৰে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।

Related News