NORTHEAST NOW (Assamese)

বিনা দৰ্শকেৰে মেচ আৰু কইনা নোহোৱা বিয়া একেই কথা : আখতাৰ

May 18, 2020 7:40 pm · এন ই নাও নিউজ
ছোৱেইব আখতাৰ, উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে যোৱা দুমাহ ধৰি কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত হোৱা নাই। কিন্তু এতিয়া বহু কেইখন ক্ৰিকেট ব’ৰ্ডে অনুশীলন আৰম্ভ কৰাৰ মন মেলিছে।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে দ্বিপাক্ষিক শৃংখলা আয়োজনৰ চিন্তা চৰ্চা কৰি আছে। তদুপৰি পাকিস্তান দলেও আগষ্টত ইংলেণ্ড ভ্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে এই শৃংখলা সমূহ অনুষ্ঠিত কৰিলেও কিন্তু আগন্তুক কিছু দিনলৈ ষ্টেডিয়ামৰ ভিতৰত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ হৈয়েই থাকিব।

এই প্ৰসংগত পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱাইব আখতাৰে কয় যে বিনা দৰ্শকেৰে মেচ অনুষ্ঠিত কৰা আৰু কইনা নোহোৱা বিয়া একেই কথা।

তেওঁ লগতে কয় যে ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতিয়ে মেচখনৰ গতি ৰূপ সলনি কৰি দিয়াৰ লগতে মেচখন খেলিও বেচ আনন্দ পোৱা যায়।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে ক্ৰিকেট বন্ধ হৈ আছে যদিও অতি শীঘ্ৰে পুনৰ ক্ৰিকেট আৰম্ভ হ’ব বুলি আখতাৰে আশা প্ৰকাশ কৰিছে।

আখতাৰে অহা এবছৰৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হ’ব আৰু দৰ্শকেৰে ভৰা ষ্টেডিয়ামত পুনৰ মেচ অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে।

Related News