NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! নিজ ভাতৃৰ হাততেই প্ৰাণ গ’ল ককায়েকৰ

November 12, 2024 2:41 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 12, 2024 2:45 pm

মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড৷মহানগৰীৰ বিৰুবাৰীৰ ৰূপকোঁৱৰ পথত সোমবাৰে নিশা প্ৰায় ১০:৩০ বজাত শংকৰ সৰকাৰ নামৰ এজন লোকৰ নৃশংস হত্যা সংঘটিত হয়।

অভিযোগ অনুসৰি, শংকৰ সৰকাৰৰ নিজ ভাতৃ, বিশ্বজিৎ সৰকাৰে সুৰাৰ ৰাগীত মাতাল হৈ ছুৰীৰে আঘাত কৰি শংকৰক হত্যা কৰে।

বিশ্বজিৎ সৰকাৰৰ সৈতে শংকৰৰ মাজত প্রথমে তৰ্কবিতৰ্ক আৰম্ভ হয়, যাৰ পাছত বিশ্বজিতে ঘৰৰ পৰা ছুৰী লৈ আহি শংকৰক ডিঙি আৰু পেটত আঘাত কৰে। ঘটনাৰ পাছত বিশ্বজিতী পলায়ন কৰে, কিন্তু শংকৰক GMCHলৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে।

শংকৰ সৰকাৰৰ পৰিয়ালে বিৰুবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু অভিযুক্ত বিশ্বজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

Related News