বছৰৰ শেষৰ দিনটোত কিষাণ মৰ্চাৰ প্ৰশংসনীয় কাৰ্য; চেনিটাইজ কৰিলে প্ৰায় ২০ খন বিদ্যালয়
বছৰৰ শেষৰ দিনটোত বিজেপিৰ শিৱসাগৰ জিলাৰ কিষাণ মৰ্চাই ৰূপায়ণ কৰে প্ৰশংসনীয় কাৰ্যসূচী। বিশ্বজুৰি দেখা দিয়া কৰ’না সৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ থকা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ১ জানুৱাৰিৰ পৰা খোলাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। যাৰবাবে এতিয়া তৎপৰ হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ।
আজি বছৰৰ শেষৰ দিনটোত শিৱসাগৰ জিলা কিষাণ মৰ্চাৰ উদ্যোগত গ্ৰহণ কৰা হল এক প্ৰশংসনীয় কাৰ্যসূচী।
জিলাখনৰ আমগুৰি সমষ্টিৰ প্ৰায় ২০ খনতকৈ অধিক প্ৰাথমিক বিদ্যালয় চেনিটাইজ কৰে শিৱসাগৰ জিলা কিষাণ মৰ্চাই।
নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠান সমুহত কণ কণ ছাত্ৰ-ছাত্ৰীসকল শংকাহীনভাৱে উপস্থিত হোৱাৰ বাবে কিষাণ মৰ্চাই বিদ্যালয়ৰ শ্ৰেণী কোঠা আৰু চৌহদ চেনিটাইজৰ ব্যৱস্থা কৰে।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ বান্দৰীজান প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
জিলা কিষাণ মৰ্চাৰ এই প্ৰশংসনীয় কাৰ্যক বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকলেও আদৰণি জনায়।