NORTHEAST NOW (Assamese)

Ganja seized শিৱসাগৰ সদৰ থানাৰ সমীপতেই বৃহৎ পৰিমাণৰ গাঞ্জা, বিলাতী সুৰাৰ কাৰ্টন জব্দ; আটক দুই মহিলা

November 21, 2021 11:18 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

Ganja seized শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি থানামুখৰ ৰাধিকাশান্তি পথত চলা এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে বিলাতী সুৰাৰ কাৰ্টন জব্দ কৰে।

অভিযান কালত আৰক্ষীয়ে প্ৰায় চাৰি কেজি গাঞ্জা আৰু দুই কাৰ্টুন বিলাতী সুৰা জব্দ কৰাৰ লগতে গাঞ্জা আৰু সুৰা ব্যৱসায়ৰ লগত জড়িত দুগৰাকী মহিলাক আটক কৰে।

আটক কৰা মহিলা দুগৰাকী দীপা হাজৰিকা আৰু সবিতা দাস বুলি জানিবলৈ দিয়ে অভিযানকাৰী আৰক্ষী বিষয়া গৰাকীয়ে।

Also Read: Sibsagar College upgradation কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে! মহাৰজত জয়ন্তীত সুখবৰ; শিৱসাগৰ কলেজ উন্নীত হ’ব বিশ্ববিদ্যালয়লৈ

দুয়োগৰাকী মহিলাৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

ইপিনে, শিৱসাগৰ সদৰ আৰক্ষী থানাৰ সমীপতে কি দৰে দীৰ্ঘদিনে গাঞ্জৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Also Read: Covid-19 Update দেশত সামান্য বৃদ্ধি পালে কৰ’নাৰ দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা

শিৱসাগৰ চহৰৰ বিভিন্ন স্থানত অবৈধ সুৰা, ড্ৰাগছ, গাঞ্জাৰ ঘাটি কঠফুলাৰ দৰে গঢ়ি উঠাৰ অভিযোগ তুলিছে একাংশ সচেতন ব্যক্তিয়ে। 

তেওঁলোকে এইদৰে গঢ়ি উঠা অবৈধ সুৰা আৰু গাঞ্জাৰ ব্যৱসায় উৎখাত কৰিবলৈ দাবী জনাইছে শিৱসাগৰ আৰক্ষীক।

Related News