NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটী বিমানবন্দৰ কৰ্মচাৰীৰ দাবী! ২৪ ছেপ্টেম্বৰত গুৱাহাটীত অৱতৰণ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 11:59 am

 অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী তথা  মূল  অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা গুৱাহাটিত উপস্থিত হোৱাৰ খাবৰ পোৱা গৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী কৰ্মচাৰীৰ দাবী  অনুসৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ২৪ ছেপ্টেম্বৰ বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছে।

বিমানবন্দৰৰ গ্ৰাহক সেৱাৰ কাৰ্যবাহী তুলশী দাস তালুকদাৰে ফেচবুকত ভিডিঅ’ পোষ্টত দাবী কৰিছে যে সিদ্ধাৰ্থ শৰ্মাই ইণ্ডিগ’ৰ ৬ই-৬০৪৮ বিমানত প্ৰায় নিশা ১১:২০ বজাত গুৱাহাটীত অৱতৰণ কৰিছিল। শৰ্মাই ২০ডি নম্বৰৰ আসনত বহি আহিছিল বুলিও উল্লেখ কৰিছে   বিমানবন্দৰ কৰ্মচাৰী গৰাকীয়ে।

https://www.facebook.com/share/r/174EKGUhq8

তালুকদাৰে ভিডিঅ’ত কয়, “সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে বুলি বহুজন জল্পনা কৰিছে, কিন্তু সেয়া সঁচা নহয়। যোৱা নিশাই তেওঁ ইণ্ডিগ’ৰ ৬ই-৬০৪৮ বিমানযোগে গুৱাহাটী আহিছিল। মই ১০০ শতাংশ নিশ্চিত।”

উল্লেখ্য যে জুবিন গাৰ্গৰ কাম-কাজ পৰিচালনা কৰা সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ অকাল মৃত্যুৰ পিছত জনসাধাৰণৰ মাজত ব্যাপক সমালোচনা আৰু প্ৰশ্নৰ সন্মুখীন হৈছে। এই দাবীয়ে জনসাধাৰণৰ মাজত নতুনকৈ চাঞ্চল্য সৃষ্টি কৰিছে। তথাপিও, বিমানবন্দৰৰ কৰ্মচাৰীগৰাকীৰ এই দাবী এতিয়ালৈকে কোনো স্বতন্ত্ৰ সূত্রই পৰীক্ষা কৰা নাই।