NORTHEAST NOW (Assamese)

৪০ লাখ টকাৰ কোভিড টেষ্টিং কিট দান কৰিলে ছিকিমৰ মেডিকেল পাঠ্যক্ৰমৰ ছাত্ৰীয়ে

October 19, 2020 7:36 am · এন ই নাও নিউজ

ছাত্ৰী গৰাকীৰ নাম স্মৃতি গুৰুং। দক্ষিণ কোৰিয়াৰ য়ুংপুক নেছনেল ইউনিভাৰ্চিটিৰ স্কুল অৱ মেডিচিনৰ বায়’মেডিকেল ছায়েন্সৰ ছাত্ৰী স্মৃতি গুৰুঙে শেহতীয়াকৈ নিজ ৰাজ্যৰ লোকসকলৰ সুবিধাৰ্থে দান কৰিছে প্ৰায় ৪০ লাখ টকা মূল্যৰ কোভিড টেষ্টিং কিট।

দক্ষিণ কোৰিয়াৰ প্ৰখ্যাত বায়’টেক কোম্পানী ছিজেনেই প্ৰস্তুত কৰা ২০০০ টা কোভিচ টেষ্টিং কিট ইতিমধ্যে ছিকিম গৈ পাইছে।

সাংবাদিকৰ আগত স্মৃতি গুৰুঙে প্ৰকাশ কৰা মতে গৱেষণাৰ কামত তেওঁ দক্ষিণ কোৰিয়াৰ বায়’টেক কোম্পানী ছিজেনেলৈ যোৱাৰ সময়তে কোম্পানীটোৰ এগৰাকী শীৰ্ষ বিষয়াৰ সৈতে তেওঁৰ চিনাকি হয় আৰু বিষয়া গৰাকীয়েই তেওঁক ২০০০টা কোভিড টেষ্টিং কিট বিনামূলীয়াকৈ যোগান ধৰে।

সেই কিট খিনি তেওঁ নিজ ৰাজ্য ছিকিমৰ মানুহৰ সুবিধা হওঁক বুলিয়েই প্ৰেৰণ কৰিছে বুলি কয়।

উল্লেখ্য দক্ষিণ কোৰিয়াৰ ছিজেনে নামৰ কোম্পানীটোৱে ভাৰতকে ধৰি বিশ্বৰ ৩০ খন দেশত কোভিড টেষ্টিং কিট যোগান ধৰি আহিছে।

কোম্পানীটোৰ ভাৰতত থকা কাৰ্যালয়ৰ পৰাই স্মৃতি গুৰুঙে দান হিচাবে আগবঢ়োৱা প্ৰায় ৪০ লাখ টকা মূল্যৰ কোভিড টেষ্টিং কিট খিনি ছিকিমলৈ প্ৰেৰণ কৰা হয়।

Related News