NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱসত ছিকিমৰ ৰাজ্যপালৰ ৰাজ্যৰ নাৰ্চ সকললৈ শুভেচ্ছা জ্ঞাপন

May 13, 2020 9:25 am · এন ই নাও নিউজ

আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱসৰ দিনাখন ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদে ৰাজ্যখনৰ এছ টি এন এম হাস্পাতালত কৰ্মৰত নাৰ্চ সকললৈ শুভেচ্ছা জ্ঞাপন কৰি সন্মান প্ৰদৰ্শন কৰে।

ৰাজ্যপাল গংগা প্ৰসাদে নাৰ্চ সকলক সন্মান জনাবলৈ ৰাজভৱনত আয়োজিত কৰা অনুষ্ঠানটিত এছ টি এন এম হস্পাতালৰ চাৰিগৰাকী জেষ্ঠ নাৰ্চ উপস্থিত থাকে।

নাৰ্চ সকলে ছিকিমৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত নাৰ্চ সকলক কোভিড-১৯-ৰ সৈতে যুঁজাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ লগতে পি পি ই কীট, মাস্ক আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ যোগান ধৰা বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

কোভিড-১৯-ৰ সৈতে আগশাৰীত থাকি যুঁজাৰ বাবে ৰাজ্যখনৰ নাৰ্চ সকলৰ আন্তৰিকতা আৰু মানসিক প্ৰস্তুতিক ৰাজ্যপালে প্ৰশংসা কৰে।

আন্তৰাষ্ট্ৰীয় নাৰ্চ দিৱসত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় সমূহত কৰ্মৰত নাৰ্চ সকলক চৰকাৰ-প্ৰশাসনৰ লগতে সাধাৰণ নাগৰিকে সন্মান জনায়।

কোভিড-১৯-ৰ বিৰুদ্ধে চলি থকা যুঁদ্ধত চিকিৎসালয় সমূহত নাৰ্চ সকলে নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াই আহিছে।

Related News