NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত কাউণ্টাৰ খোলাৰ চিন্তা শিলাদিত্য দেবৰ

August 12, 2019 9:21 pm · শান্তনু শইকীয়া
Updated: August 12, 2019 9:25 pm
শিলাদিত্য দেবৰ ফাইল ছবি।

বিজেপি বিধায়ক শিলাদিত্য দেবে অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ৰ সন্মুখত “কাউণ্টাৰ” খোলাৰ চিন্তা কৰিছে।

বিজেপিত যোগদান কৰিব খোজা কংগ্ৰেছীসকলৰ অসুবিধা দূৰ কৰাৰ বাবে তেওঁ এই চিন্তা কৰিছে।

“যিহেতু বহুতো কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিবৰ বাবে উপযুক্ত প্লেটফৰ্ম নাপায়। কেতিয়াবা অফিচ নাপায়, কেতিয়াবা উপযুক্ত নেতা বিচাৰি নাপায়,” সোমবাৰে সংবাদ মাধ্যমত দেবৰ মন্তব্য।

হোজাইৰ বিধায়কজনে বিষয়টো সন্দৰ্ভত দলৰ শীৰ্ষ নেতৃত্বক অনুৰোধ জনাব বুলিও প্ৰকাশ কৰিছে। “কাউন্টাৰ খুলি দিবৰ বাবে বিজেপিৰ নেতৃবৰ্গক অনুৰোধ জনাম।”

কংগ্ৰেছীসকলক বিজেপিলৈ নি “কংগ্ৰেছমুক্ত অসম” কৰিব খোজা হৈছে— এনে এক ইংগিতো দেবৰ বক্তব্যত ফুটি উঠিছে।

“কংগ্ৰেছমুক্ত এখন অসম গঢ়াৰ বাবে বিজেপিয়ে কাম হাতত লৈছে তাৰেই ফলস্বৰূপে এই ঢৌ দেখা গৈছে,” বিজেপিৰ দুৱাৰ সকলোৰে বাবে খোলা বুলি উল্লেখ কৰি দেবৰ মন্তব্য।

কংগ্ৰেছৰ “দুৰ্নীতি” নিৰ্মূলৰ প্ৰতিশ্ৰুতিৰে বিপুল জনপ্ৰিয়তা অৰ্জা গেৰুৱা দললৈ কংগ্ৰেছীৰ সোঁত বোৱাক লৈ চলা চৰ্চাৰো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“বিজেপি দল গংগাৰ দৰে, ইয়াত আহিলে সকলোৰে পাপ মোচন হয়,” দেবৰ মতে। “এই কথা কংগ্ৰেছী নেতাসকলে গম পাইছে নিশ্চয়। সেয়েহে এজনৰ পাছত আনজন কংগ্ৰেছী নেতাৰ বিজেপিলৈ আগমন হৈছে।”

আনহাতে, গেৰুৱা দলত কংগ্ৰেছী আগমনে সংঘাত সৃষ্টি কৰাৰ সম্ভাৱনা দেবে নুই কৰিছে।

“ন-বিজেপি” “পুৰণি বিজেপি”ৰ সংঘাতো তেওঁ অগ্ৰাহ্য কৰিছে।

“বিজেপি হৈছে এটা আদৰ্শগত ৰাজনৈতিক দল ইয়াত নীতি আছে। হিংসাৰ ইয়াত স্হান নাই। মই এম পি হ’ম নে এম এল এ এই কথা পাৰ্টিয়ে মোৰ কামৰ দ্বাৰা নিৰূপণ কৰিব। আমাৰ ইয়াত ব্যক্তি স্বাৰ্থ নহয় দেশ আৰু দলীয় স্বাৰ্থ আগত থাকে।”

Related News