NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণ; ছিংগাপুৰতো এমাহজোৰা বন্ধ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2020 9:05 am
Singapur PM

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী লি হেছেইন লঙে এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এমাহজোৰা বন্ধ ঘোষণা কৰে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে ৭ এপ্ৰিল মঙলবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ঘোষণা কৰা বন্ধৰ সময়ত দেশত আত্যাৱশ্যকীয় সামগ্ৰীক বাদ দি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি উল্লেখ কৰে।

বহুকেইটা টুইটত ছিংগাপুৰ চৰকাৰে ছিংগাপুৰত ক্ৰমাৎ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাব ধৰিছে বুলি জনায়।

ছিংগাপুৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ স্থানীয় ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে বুলি ছিংগাপুৰ চৰকাৰৰ তৰফৰ পৰা সদৰী কৰা হয়।

‘‘প্ৰতিগৰাকী লোকক নিৰীক্ষণত ৰখাৰ পাছতো, ছিংগাপুৰৰ আধাসংখ্যক ক’ৰ’না ভাইৰাছৰ ঘটনা কোনোধৰণৰ লিংক নোহোৱাকৈ বৃদ্ধি পাইছে। এই সংক্ৰমণ বৃদ্ধি ৰোধৰ কৰাৰ ক্ষেত্ৰত ক’ৰ’না সংক্ৰমণৰ শিকলিডাল ভঙাৰ বাবে আমি এমাহ বন্ধ ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰো,’’ ছিংগাপুৰৰ প্ৰধান মন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে।

আনহাতে, ছিংগাপুৰ চৰকাৰে কৰ্মচাৰী সকলক এই বন্ধৰ সময়ছোৱাত ঘৰৰ পৰা কাম কৰাৰ বাবে নিৰ্দেশ দিছে।

বিগত এদিনত ছিংগাপুৰত নতুনকৈ ৭৪ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত ছিংগাপুৰে চৰকাৰে বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লয়।

ছিংগাপুৰত এদিনত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৭৪ গৰাকী লোকৰ ভিতৰত সাত গৰাকী ভাৰতীয় নাগৰিক।

ছিংগাপুৰত বন্ধৰ সময়ছোৱাত বিদ্যালয়-মহাবিদ্যালয়কে ধৰি চৰকাৰী আৰু বেচৰকাৰী কাৰ্য্যালয় সমূহ বন্ধ থকাৰ বিপৰীতে প্ৰয়োজনীয় সামগ্ৰী যেনে- গেলামাল দোকান, বজাৰ, চিকিৎসালয়, পৰিবহন, ফাৰ্মাচী আদি খোলা থাকিব।