NORTHEAST NOW (Assamese)
অসম

এয়াৰ ইণ্ডিয়াৰ ঘৰুৱা আৰু আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ বুকিং ৩০ এপ্ৰিল পৰ্যন্ত বন্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2020 8:44 am
Vande Bharat Mission: 149 flights to bring back Indians stranded abroad

বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছে ভাৰতকে ধৰি গোটেই পৃথিৱীকে ছানি ধৰিছে। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মোদী চৰকাৰে দেশত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে আৰু অহা ১৪ এপ্ৰিল পৰ্যন্ত ই বাহাল থাকিব।

লকডাউনৰ সময়ত সকলো ঘৰুৱা তথা আন্ত:ৰাষ্ট্ৰীয় বিমানৰ চলাচল বন্ধ কৰা হৈছে।

লকডাউন ১৪ এপ্ৰিলৰ পৰা বৃদ্ধি হোৱাৰ সম্ভাৱনালৈ চাই এয়াৰ ইণ্ডিয়াই সকলো ঘৰুৱা তথা আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ বুকিং ৩০ এপ্ৰিল পৰ্যন্ত বন্ধ কৰি দিছে।

ইপিনে, কৰ’না ভাইৰাছে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে দ্ৰুত গতিত বিয়পি পৰিছে। এতিয়ালৈকে ভাৰতত ২৫৯০তকৈয়ো অধিক কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ ভিতৰত ৭১ জন লোকৰ মৃত্যু হৈছে।

দেশৰ ভিতৰতে কৰ’না ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।

সেইদৰে সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’না ভাইৰাছৰ আক্ৰান্ত সংখ্যা ১০ লাখ ৫৬ হাজাৰ ৭৭০জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত ৫৫ হাজাৰ ৭৮০জন লোকে প্ৰাণ হেৰুৱাইছে। বিশ্বত এই মহামাৰীত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে ইটালী। দেশখনত ১৩ হাজাৰ ৯১৪জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

ইটালীৰ পাছতে সৰ্বাধিক আক্ৰান্ত হোৱা দেশখন হৈছে স্পেইন। স্পেইনত এতিয়ালৈকে এই মহামাৰীত মৃত্যুৰ সংখ্যা ১০ হাজাৰ ৯৩৪জন অতিক্ৰম কৰিছে।

কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ফ্ৰান্স। ইয়াত এই মহামাৰীত ৫হাজাৰ ৩৮৬জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।