NORTHEAST NOW (Assamese)

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানু কৰ’নাত আক্ৰান্ত

October 16, 2020 11:12 am · এন ই নাও নিউজ
কুমাৰ ছানু। ফাইল ফটো

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানু কৰ’নাত আক্ৰান্ত হৈছে। কণ্ঠশিল্পী গৰাকীৰ অ’ফিচিয়েল ফে’চবুক পে’জত এই সংবাদ দিয়া হৈছে।

‘’দুৰ্ভাগ্যজনকভাৱে পৰীক্ষাত ছানু দাৰ কৰ’না পজিটিভ ধৰা পৰিছে, সকলোৱে তেওঁৰ আৰোগ্য কামনা কৰিব। ধন্যবাদ,’’-ফে’চবুক পে’জত এইদৰে লিখা হৈছে।

কুমাৰ ছানুৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি, কণ্ঠশিল্পীগৰাকী কেইদিনমান ধৰি জ্বৰত ভূগি আছিল। ইয়াৰ পাছতে তেওঁৰ কৰ’না পৰীক্ষা কৰা হয়। পৰীক্ষাত তেওঁৰ ফলাফল পজিটিভ আহে।

আনহাতে কৰ’নাৰ উপসৰ্গ আছে যদিও কুমাৰ ছানুক এতিয়াও হাস্পাতলত ভৰ্তি কৰা হৈছে নে নাই সেয়া পৰিয়ালৰ তৰফৰ পৰা জনোৱা হোৱা নাই।

সেইদৰেতেওঁ কোন ঠাইত থাকোতে কৰ’নাত আক্ৰান্ত হ’ল সেইকথাও জানিব দিয়া নাই।

বলীউদৰ এক দীঘলীয় সময়ৰ বাবে অতি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ কৰ’না আক্ৰান্তৰ খৱৰে অনুৰাগীসকলক ব্যথিত কৰিছে আৰু সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

আনহাতে, বাংলা চলচ্চিত্ৰ জগতৰ এগৰাকী মহীৰুহ অভিনেতা সৌমিত্ৰ চেটাৰ্জী কৰ’নাত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত হাস্পাতলত চিকিৎসাধীন হৈ আছে।

Related News