NORTHEAST NOW (Assamese)

জাতীয় স্বাৰ্থত জাতীয় সংগঠন সমূহ কিয় একত্ৰিত হ’ব পৰা নাই? শিল্পী মহেন্দ্ৰ হাজৰিকাৰ ক্ষোভ

September 27, 2020 3:27 pm · দুলাল মিশ্ৰ
Updated: September 27, 2020 7:23 pm

১৯৮০ চনৰে পৰা স্বদেশ আৰু স্বজাতিৰ গীত গাই মানুহক জগাই অহা শিল্পী মহেন্দ্ৰ হাজৰিকা আজি ব্যথিত, আশাহত।

ভাবিছিল কিবা এটা পৰিৱৰ্তন হব, পৰিৱৰ্তন নোহোৱাও নহয়।কিন্তু সকলো দিশতে এতিয়া কেৱল ঋণাত্মক পৰিৱৰ্তন।

নিবনুৱাই দিনতে তৰা লেখিছে, বজাৰত বস্তুৰ জুই-ছাই দাম, কতো নাই উন্নয়নৰ চিন-মোকাম।

এনে পৰিস্থিতিত জনতাৰ গান গোৱা শিল্পী গৰাকী  বাৰুকৈয়ে হৈ পৰিছে হতাশ।

মনৰ মাজত পুঞ্জীভূত ক্ষোভ উজাৰি শিল্পী গৰাকীয়ে কয়—‘সকলোতে এতিয়া মাথো নিৰাশাৰ ছাঁ। ৰাজনীতি এতিয়া নাম নাম ঘৰে সাত খন খেল বিয়নি গীতৰে মেল হ’লে নহব।৭০ টা সংগঠন আমি এক হৈ  আছো বুলি কৈ থকাৰ পিছতো তেওঁলোক এক হব নোৱাৰিলে, অন্তত জাতীয় স্বাৰ্থত এক হব পাৰিব লাগিছিল।

ৰাজনীতি এক  প্ৰচণ্ড সংগ্ৰাম।ৰাজনীতিত ৰাইজক প্ৰাধান্য দিব লাগিব। সংকটৰ সময়তে যদি জাতীয়তাবাদী শিবিৰ সমূহ এক নহ’ল তেন্তে আৰু কেতিয়া সময় আহিব?একতাৰ আহ্বান কোনেও নুশুনিলে। যাৰ বাবে জাতিৰ বিপৰ্যয় আহিব।অনৈক্য আৰু বৈষম্য,ভাগ ভাগ হোৱাৰ যি প্ৰবৃত্তি,ব্যক্তি কেন্দ্ৰিক অহংকাৰে জাতিটোৰ অনিষ্ট সাধিব।

জাতীয় নেতাই জাতিটোক ঠগিলে। সাত পুৰুষৰ বাবে গোটাই ল’লে ,কিন্তু ৰাইজক একো এটা নিদিলে’।

জনতাৰ প্ৰিয় শিল্পী গৰাকীয়ে পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাইজক আঁভুৱাভাঁৰা বিজেপি চৰকাৰখনলৈ সমালোচনাৰ শেল এৰি কয়—‘সৌসিদিনা এটা পৰিৱৰ্তন দেখিলো। এজন বিষয়াৰ ঘৰত ৮ কেজি নে কিমান সোণ ওলাল,সেয়াই পৰিৱৰ্তন। কেনেকৈ ইমান সুৰুঙা পালে। প্ৰশ্নকাকত ফাদিল হ’ল,এই বোৰেই পৰিৱৰ্তন।আগৰ পৰীক্ষা সমূহতো যে এনে হোৱা নাছিল কোনে ক’ব পাৰিব’?

‘বিজয় মালিয়াৰ দৰে লোক সকলক ৰেহাই দিছে অথচ এতিয়া দুখীয়া কৃষকৰ মাটি খিনিৰ ওপৰতো,তেওঁলোকৰ উৎপাদিত ফচলৰ ওপৰতো চকু। এয়াই পৰিৱৰ্তন। জনতাক মাথো লাগে ভোট দিবলৈ,জিকি যোৱাৰ পিছত চেলা চামুণ্ডাৰ প্ৰকোপত যাব নোৱাৰি।ৰাইজক কেৱল কৰা হৈছে পণ বন্দী।আগতে ৰজাই মন্ত্ৰীক সুধিছিল আছেনে প্ৰজাগণ মোৰ কুশলে। আজিৰ ৰজাই পত্নীক সোধে-বেংকৰ বেলেন্সৰ কাগজ পত্ৰ বোৰ ঠিকে ঠাকে আছেনে’।

জাতিৰ সংকটৰ সময়তো আঞ্চলিকতাবাদী শক্তি সমূহ একত্ৰিত হ’ব নোৱাৰা কথাটোত ক্ষেদ প্ৰকাশ কৰি শিল্পী মহেন্দ্ৰ হাজৰিকাই কয় যে এয়া সময়ৰ আহ্বান আছিল। কিন্তু সেই আহ্বান উপেক্ষা কৰা হ’ল।যি কথা জাতিটোৰ বাবেই হৈ পৰিব বিপজ্জনক।

Related News