NORTHEAST NOW (Assamese)

কণ্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: গুৰুতৰভাৱে আহত শিল্পী গৰাকীক হাস্পাতলত ভৰ্তি

April 19, 2019 9:38 am · এন ই নাও নিউজ
Updated: April 19, 2019 12:08 pm

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাহন শুকুৰবাৰে ৰাতিপুৱা দুৰ্ঘটনাত পতিত হৈছে। ৰঙিয়াৰ উদিয়ানাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত কণ্ঠশিল্পীগৰাকী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, সুবাসনাৰ ডাষ্টাৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। ভয়ংকৰ এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা সুবাসনা দত্তক মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান উক্ত হাস্পাতলতে কণ্ঠশিল্পীগৰাকী চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখন।

দুৰ্ঘটনাটোত শিল্পী সুবাসনাৰ মেনেজাৰ শেখৰ জ্যোতি বৈশ্যও আহত হয় আৰু তেওঁকো চিকিৎসাৰ বাবে হাস্পাতলত ভৰ্তি কৰোৱা হয়।

কণ্ঠশিল্পীগৰাকীয়ে বঙাইগাঁৱত ৰঙালী বিহুৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি গুৱাহাটীলৈ উভতি অহাৰ পথত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে চালকজনে তীব্ৰ বেগী বাহনখনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি পথৰ দাঁতিত ছিটিকি পৰে।

Related News