NORTHEAST NOW (Assamese)

কুমাৰ জ্যোতিৰেন্দ্ৰনাথ নাৰায়ণ দেব সোঁৱৰণী আন্তঃক্লাব ফুটবলৰ ফাইনেলত ছিপাঝাৰ ক্ৰীড়া সন্থা

September 11, 2018 7:51 pm · ময়ুখ গোস্বামী

মঙলদৈ ক্ৰীড়া সন্থাই আয়োজন কৰা কুমাৰ জ্যোতিৰেন্দ্ৰনাথ নাৰায়ণ দেব সোঁৱৰণী ‘এ’ দিভিজন আন্তঃক্লাব ফুটবল লীগৰ ফাইনেলত মঙলবাৰে উপনীত হৈছে ছিপাঝাৰ ক্ৰীড়া সন্থা।

মঙলদৈ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত ১মখন ছেমি ফাইনেলত ছিপাঝাৰৰ দলটোৱে দাহি আঞ্চলিক ক্ৰীড়া সন্থাক ২-০ গ’লত পৰাজিত কৰে।

বিজয়ী দলৰ হৈ ভাইটি আহমেদে খেলৰ ৩৫ মিনিটত ১মটো গ’ল দিয়াৰ বিপৰীতে বিকাশ বড়োৱে ৫৮ মিনিটত দ্বিতীয়টো গ’ল দিয়ে।

বুধবাৰে অনুষ্ঠিত হ’ব লগা আনখন ছেমি ফাইনেলত মঙলদৈৰ অৰুণোদয় সংঘ দেওমৰণী আঞ্চলিক ক্ৰীড়া সংঘ।

Related News