NORTHEAST NOW (Assamese)

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

July 27, 2025 12:29 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ ধৰ্মস্থলত গণ সমাধি আছে বুলি কৰা দাবীৰ সৈতে জড়িত গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে শনিবাৰে তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মল্লিকাটেৰ চোৰাংচোৱা ব্যুৰোৰ চৌহদত স্থাপন কৰা নিৰ্দিষ্ট এছআইটি কাৰ্যালয়ত জ্যেষ্ঠ বিষয়া উপস্থিত হৈ এই গোচৰৰ সৈতে জড়িত কিছুমান বিশেষ স্থান পৰিদৰ্শন কৰে।

তদন্তৰ তদাৰক কৰা আৰক্ষীৰ উপ-মহাপৰিদৰ্শক এম এন অনুচেথে মংগালুৰুত উপস্থিত হয় আৰু এছ আই টিত নিযুক্তি দিয়া ২০ জনতকৈ অধিক বিষয়া আৰু কৰ্মীৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰাৰ কথা আছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষক জিতেন্দ্ৰ দয়ামাক এই গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে বুলিও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

সূত্ৰ অনুসৰি দলটোত দক্ষিণ কানাড়া, উডুপি, আৰু উত্তৰ কানাড়া জিলাৰ বিষয়াক নিযুক্তি দিয়া হৈছে। ইয়াৰ ভিতৰত ধৰ্মস্থল, মুলকি, আৰু বাইণ্ডুৰ থানাৰ পৰিদৰ্শক আৰু উপ-পৰিদৰ্শক অন্তৰ্ভুক্ত।

এছ আই টিয়ে আভ্যন্তৰীণ ব্রিফিং আৰম্ভ কৰাৰ লগতে সম্ভৱতঃ প্রথমে সমাধিস্থ কৰাৰ অভিযোগ উত্থাপন কৰা বেনামী অভিযোগকাৰীজনক প্রশ্ন কৰাৰ সম্ভাৱনা আছে৷ সম্ভৱতঃ ডি আই জি অনুচেথৰ তত্বাৱধানত মল্লিকাটেৰ এছ আই টিৰ কাৰ্যালয়ৰ ভিতৰতে জেৰা কৰা হব।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জেৰা আৰু কাৰ্য্যবিধিৰ নথিপত্ৰৰ বাবে ভিডিঅ ৰেকৰ্ডিং সঁজুলিকে ধৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে।

আৰক্ষীয়ে লগতে কয় যে এছ আই টিৰ বিষয়াসকলে পদ্ধতিগত আৰু আইনী দুয়োটা দিশৰ পৰাই তদন্ত আগবঢ়াই নিবলৈ সম্পূৰ্ণৰূপে সাজু আছে।

Related News