NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত কঠোৰ জিলা প্ৰশাসন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 21, 2020 7:10 am
images.jpeg-1

কৰ’না ভাইৰাচৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে এচ.ভি.এম. জে./কভিড-১৯/১১/২০২০/৬  দিনাংক, শিৱসাগৰ ২০ মাৰ্চ ২০২০, পত্ৰ যোগে  সমগ্ৰ জিলাত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশ অনুসৰি যিকোনো ব্যক্তিগত বা ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক ব্যক্তিয়ে সমাগম কৰিব নোৱাৰিব।

যিকোনো ব্যক্তিগত বা ৰাজহুৱা স্থানত সভা সমিতি, থিয়েটাৰ, আনন্দ মেলা, শোভাযাত্ৰা, চাৰ্কাছ আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আনহাতে, পথৰ কাষত মুকলিকৈ বিক্ৰী কৰা ফাষ্টফুডৰ লগতে অন্যান্য খাদ্য সামগ্ৰী যেনে- চানা, ফুচকা, মম’, আদিৰো বিক্ৰী বন্ধ কৰা হৈছে।

পথৰ কাষত মুকলিকৈ বিক্ৰী কৰা সকলো ধৰণৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে ৰাজহুৱা স্থানত খেল-ধেমালি আয়োজনৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে।

আনহাতে, এনে নিষেধাজ্ঞা ভংগ কৰিলে আৰু যিকোনো সামাজিক মাধ্যমত ক’ভিড-১৯ ৰ বিষয়ে অপপ্ৰচাৰ চলাই সমাজত আতংক সৃষ্টি কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰা হ’ব বুলি উল্লেখ কৰে পত্ৰখনত উল্লেখ কৰা হৈছে।