NORTHEAST NOW (Assamese)

গৰ্ভত কন্যা সন্তান! ছমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই হত্যা শহুৰেক আৰু স্বামীৰ!

October 26, 2023 2:04 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

এক লোমহৰ্ষক হত্যাকাণ্ডৰ বাতৰি আহিছে। এগৰাকী ছমহীয়া গৰ্ভৱতী মহিলাক স্বামী গৃহত শহুৰেকসহ স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে, অবৈধ আল্ট্ৰাছাউণ্ডৰ জৰিয়তে মহিলাগৰাকী গৰ্ভত থকা সন্তানটো কন্যা সন্তান বুলি জানিব  পৰাৰ পাছতেই গৰ্ভৱতী মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ স্বামীগৃহই।

এইদৰে ৩০ বছৰীয়া গৰ্ভৱতী মহিলাগৰাকীক শহুৰেকে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত মহিলা গৰাকী দুই কন্যা সন্তান আৰু এক দৃষ্টিহীন পুত্ৰ সন্তানৰ মাতৃ আছিল। আৰক্ষীয়ে এটা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহটো।

ঘটনাৰ বিৱৰণীৰ মতে, এই নৃশংস ঘটনাটো সংঘটিত হৈছে বিহাৰৰ মনপুৰ। মনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেৱাল বিঘা গাঁৱৰ ৩০ বছৰীয়া কুসুম দেৱী ছমাহৰ গৰ্ভৱতী আছিল।

দুগৰাকী কন্যা সন্তান আৰু এটা দৃষ্টিহীন পুত্ৰ সন্তান জন্ম দিয়াৰ পাছতে চুতুৰ্থবাৰৰ বাবে কুসুম দেৱীয়ে গৰ্ভধাৰণ কৰে। চতুৰ্থবাৰ গৰ্ভধাৰণ কৰাৰ পাছতে স্বামীগৃহৰ লোকে অবৈধভাৱে গৰ্ভস্থ ভ্ৰূণটোৰ লিংগ পৰীক্ষা কৰোৱায়।

এই পৰীক্ষাত স্পষ্ট হয় যে তেওঁৰ গৰ্ভত থকা ভ্ৰূণটো কন্যা সন্তান। এই কথাটোকে সহ্য কৰিব নোৱাৰি শহুৰেকে কুসুম দেৱীৰ ওপৰত অমানুষিক শাৰীৰিক অত্যাচাৰ কৰি হত্যা কৰে। হত্যা কৰাৰ পাছতে কুসুম দেৱীৰ মৃতদেহটো ওলোমাই ৰাখি ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে।

কুসুম দেৱীৰ দুই কন্যা সন্তানৰ কন্দোন শুনাৰ পাছতে ওচৰ-চুবুৰীয়াই এই নৃশংস ঘটনাটোৰ বিষয়ে জানিব পাৰে।

ইফালে কুসুম দেৱীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত মনুপুৰ আৰক্ষী থানাত স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁলোক দুয়ো এতিয়া পলাতক বুলি আৰক্ষীয়ে সদৰী কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মাতৃয়ে এজাহাৰত ভ্ৰূণ পৰীক্ষা কৰি লিংগ নিৰ্ণয় কৰাৰ কথা উল্লেখ কৰা নাই। কিন্তু মৃত কুসুম দেৱীৰ জ্যেষ্ঠ ভগ্নী মালতী দেৱীয়ে অভিযোগ কৰি কৈছে যে ভ্ৰূণ পৰীক্ষা কৰি লিংগ নিৰ্ণয় হোৱাৰ পাছতে স্বামীসহ শহুৰেকে কুসুম দেৱীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

সাত বছৰৰ পূৰ্বে পেচাত কৃষক উদয় চৌহানৰ সৈতে কুসুম দেৱীৰ বিবাহ সম্পন্ন হৈছিল।

Related News