NORTHEAST NOW (Assamese)
অসম

শিলচৰ হৈ ম্যানমাৰলৈ চলে সাৰৰ অবৈধ বেপাৰ; কোকৰাঝাৰত ৩খনকৈ ট্ৰাক জব্দ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী June 12, 2019 9:43 am

কোকৰাঝাৰৰ চেৰফাংগুৰীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলোৱা এক তালাচীত মঙলবাৰে তিনিখনকৈ চোৰাং সাৰভৰ্তি ট্ৰাক জব্দ কৰা হয়। ট্ৰাককেইখনৰ লগতে আৰক্ষীয়ে চালকসহ ৬জন লোকক আটক কৰে।

জানিব পৰা মতে পশ্চিমবংগৰ পৰা আহি থকা ট্ৰাককেইনত জব্দ কৰা সাৰৰ বস্তাসমূহ ম্যানমাৰলৈ চালান দিয়াৰ উদ্দেশ্যে নি থকা হৈছিল।

কোকৰাঝাৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি শিলিগুৰীৰ পৰা শিলচৰ অভিমুখী তিনিখন ট্ৰাকে বৈধ নথিপত্ৰ অবিহনে সাৰ কঢ়িয়াই অনাৰ খবৰ লাভ কৰি চেৰফাংগুৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত উক্ত চালাচী চলায়।

এ এছ ১৯ এ চি-১১৭১, এ এছ ০১ কে চি-৫৫৪৭ আৰু এ এছ ০১ কে চি-৫৫৫৭ নম্বৰৰ ট্ৰাককেইখনৰ সৈতে আটক কৰা লোককেইজনক জহিৰুল ইছলাম, আমিনুল হক, ফিদৌছ আলি, আব্দুল বাৰিক, গুলজাৰ হুচেইন আৰু জামান বুলি চিনাক্ত কৰা হৈছে।

জব্দ কৰা ট্ৰাককেইখনত সাৰৰ কোনোধৰণৰ চালান নথকাৰ বিপৰীতে আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা চাউলৰ ভুৱা চালান উদ্ধাৰ কৰে। শিলচৰৰ মহামায়া ট্ৰেডাৰ্চৰ নামত উক্ত চালানখন ইচ্ছ্যু হৈছিল।

আৰক্ষীৰ জেৰাত চালকসকলে সাৰৰ চোৰাং কাৰবাৰৰ কথা স্বীকাৰ কৰি শিলচৰৰ পৰা মিজোৰাম হৈ ম্যানমাৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে সাৰখিনি আনি থকা হৈছিল বুলি সদৰী কৰে। শিলচৰৰ এটা বৃহৎ সাৰ চিণ্ডিকেট ইয়াৰ সৈতে জড়িত আছে।

এই সম্পৰ্কত অধিক তথ্যৰ বাবে সম্প্ৰতি ধৃত লোক কেইজনক চেৰফাংগুৰী থানাত জেৰা চলাই থকা হৈছে।