NORTHEAST NOW (Assamese)

কৃষ্ণাইত ধোৱাচাঙত সামাজিক দূৰত্ব; মানুহৰ অসচেতনতাক লৈ উদ্বিগ্ন সচেতন মহল

June 15, 2020 7:12 pm · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

চৌদিশে মহামাৰী ক’ৰ’নাৰ আতংক। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। সমগ্ৰ গোৱালপাৰা জিলাত এতিয়ালৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পালে।

জিলাখনৰ কৃষ্ণাই অঞ্চলত দেওবাৰে কোনো ভ্ৰমণ পৰিক্ৰমা নথকা দুলাল সাহা (৪৪) নামৰ লোকজনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাছত শংকিত হৈ পৰিছে কৃষ্ণাইবাসী ৰাইজ।

ইতিমধ্যে গোৱালপাৰা জিলা প্ৰশাসনে কৃষ্ণাই আশুডুবি বৃহৎ অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।

কিন্তু কন্টেইনমেন্ট জ’ন ঘোষণা হোৱাৰ পাছতো আশুডুবিৰ বহু লোক আজিও সচেতন হোৱা নাই। উত্থাপিত অভিযোগ অনুসৰি কন্টেইনমেন্ট জ’নৰ ভিতৰৰ বহু লোকে আজিও কৃষ্ণাই বজাৰত টিঘিল ঘিলাই ঘূৰি আছে।

গোৱালপাৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত কৃষ্ণাইত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ পাছতো একাংশ অসচেতন লোকে সামাজিক দূৰত্ব ধূলিসাৎ কৰি তথা মুখত মাস্ক পৰিধান নকৰাইকৈ বেংক, দোকান আদিত ভিৰ কৰা পৰিলক্ষিত হৈছে।

সচেতন মহলৰ দাবী কৃষ্ণাইত প্ৰশাসন তথা আৰক্ষীয়ে বহু চেষ্টা কৰিয়ো আজিলৈ বুজাব পৰা নাই একাংশ লোকক ৷ যদি ৰাইজ সচেতন নহয় তেন্তে কৃষ্ণাইত কোৰনাই ভয়ংকৰ ৰূপ লোৱাটো নিশ্চিত।

Related News