NORTHEAST NOW (Assamese)
অসম

Heinous Murder চতিয়াত নৃশংস হত্যাকাণ্ড; শহুৰেকক দাৰে ঘপিয়াই হত্যা জোৱায়েকৰ

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ November 11, 2021 3:50 pm
Murderer in Biswanath

Heinous Murder চতিয়াত বুধবাৰে নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ জোৱায়েকে শহুৰেকক দাৰে ঘপিয়াই হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷

চতিয়া ২ নং বেজৰহলাত সংঘটিত হৈছে এই হত্যাকাণ্ড ৷

জানিব পৰা মতে ২ নং বেজৰহোলা গাৱঁত জোৱায়েক সঞ্জীৱ তাঁতি আৰু শহুৰেক সঞ্জীৱ পাতৰৰ মাজত বুধবাৰে নিশা জোৱায়েকৰ ঘৰৰ চোতালত হোৱা বাকযুদ্ধৰ পৰিণতিতে হত্যাকাণ্ডৰ সুত্ৰপাত হয় ৷

জোৱায়েকৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শহুৰেকৰ কিছু মুহূৰ্তৰ পিছতে মৃত্যু ঘটে ৷

এই ঘটনাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোক উপস্থিত হয় ৷

ইপিনে, ঘটনাস্থলীৰ পৰা হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে যদিও ৰাতিপুৱাই চতিয়া আৰক্ষী থানাত হাজিৰ হয় হত্যাকাৰী সঞ্জীৱ তাঁতি ৷

চতিয়া আৰক্ষীয়ে জিম্মাত লৈ হত্যাকাৰী সঞ্জীৱ তাঁতিৰ জেৰা অব্যাহত ৰাখে ৷