NORTHEAST NOW (Assamese)

মটৰচাইকেল কিনি নিদিয়াৰ বাবেই নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰই হত্যা কৰিলে পিতৃক

September 11, 2019 7:39 pm · এন ই নাও নিউজ

ওদালগুৰিৰ ভালুকমাৰীত আজি পুৱা সংঘটিত এক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ পুত্ৰই বাপেকক মটৰচাইকেল কিনি নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে।

পুতেকৰ আক্ৰমণত নিহত ব্যক্তিজনক ২ নং ভালুকমাৰী গাঁৱৰ নবাৰণ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে নবাৰণ নাৰ্জাৰীৰ নৱম শ্ৰেণীত অধ্যয়নৰত পুতেক অমৃত নাৰ্জাৰীয়ে দীৰ্ঘদিন ধৰি পিতৃক এখন মটৰচাইকেল কিনি দিয়াৰ বাবে হেঁচা দি আহিছিল। আজি পুৱাও অমৃতে বাপেকক মটৰচাইকেল কিনি দিয়াৰ কথা কৈছিল।

বিপৰীতে পিতৃ নবাৰণ নাৰ্জাৰীয়ে পুত্ৰই নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা আৰু আৰ্থিকভাৱেও বৰ্তমান মটৰচাইকেল কিনিবলৈ সক্ষম নোহোৱাৰ বাবে দুদিন পিছত মটৰচাইকেল কিনি দিয়াৰ কথা কয়।

ইমানতে খঙত অগ্নিশৰ্মা হৈ নৱম শ্ৰেণীত অধ্যয়নৰত অমৃতে নিজৰ পিতৃ নবাৰণ নাৰ্জাৰীক চোকা অস্ত্ৰৰে মূৰত আক্ৰমণ কৰে। ফলত পিতৃ নবাৰণ নাৰ্জাৰীৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত জানিব পাৰি ৰৌতা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News