NORTHEAST NOW (Assamese)

প্ৰত্যাশিত! ছোনিয়া গান্ধীয়েই কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভাপতিৰ দায়িত্বত

August 25, 2020 7:00 am · এন ই নাও নিউজ
কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী।

যেন এখন নাটকৰ চিত্ৰনাট্যহে ৰূপায়ন কৰা হ’ল। কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক কাৰ্যত: এক আনুষ্ঠানিকতাৰ নামান্তৰহে হৈ পৰিল।

নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ লিখা নেতাসকলক বেকফুটলৈ ঠেলি দি প্ৰত্যাশিতভাৱেই আৰু ছয় মাহৰ বাবে অন্তৱৰ্তীকালী সভাপতিৰ দায়িত্বত থাকিব ছোনিয়া গান্ধী।

কিন্তু নেতৃত্বৰ পৰিৱৰ্তন বিচৰা ক্ষুব্ধ নেতাসকল ক্ষান্ত হ’লনে?

সোমবাৰে সন্ধিয়া ক্ষুব্ধ নেতাসকলে গোলাম নবী আজাদৰ ঘৰত মিলিত হ’ল এক বৈঠকত।

সোমবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে দলৰ অন্তৱৰ্তী সভাপতি হিচাপে ছোনিয়া গান্ধীয়েই কাৰ্যভাৰ চলাই নিব।

কিন্তু তেওঁ নতুন এগৰাকী সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব।

ছোনিয়া গান্ধীয়ে কয় যে তেওঁ আৰু এই দায়িত্ব পালন কৰিব নিবিচাৰে। এই দায়িত্ব যাতে আন কোনোৱে গ্ৰহণ কৰে।

উল্লেখ্য যে নেতৃত্বৰ পৰিৱৰ্তন তথা দলৰ সাংগঠনিক সাল-সলনি বিচাৰি ২৩গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এখন পত্ৰ লিখিছিল।

ইয়াৰ পাছতে সোমবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ  বৈঠক আহ্বান কৰা হৈছিল। বৈঠকত এই পত্ৰখনক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়।

ইয়াৰ পূৰ্বে এই পত্ৰখনক লৈ সোমবাৰৰ পুৱাৰে পৰা কংগ্ৰেছী নেতাসকলৰ মাজত অভিযোগ-প্ৰত্যাভিযোগৰ টুইটাৰত এখন সৰু যুঁজো চলে।

Related News