NORTHEAST NOW (Assamese)
অসম

ঢেকীয়াজুলিত অনুষ্ঠিত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ শোণিতপুৰ জিলা সন্মিলন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2022 8:15 pm
CITU

যোৱা ২১ আগষ্টত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ তৃতীয় শোণিতপুৰ জিলা সন্মিলনখনি ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থা ভৱনত অনুষ্ঠিত হৈ যায়।

CITUৰ পতাকা উত্তোলন কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সম্পাদক মদন তালুকদাৰে।

নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পতাকা উত্তোলন কৰে ইউনিয়নৰ শোণিতপুৰ জিলা কমিটিৰ সভাপতি সভাপতি ৰহিমউদ্দিন শ্বেখে।

পতাকা উত্তোলনৰ পিছত শ্বহীদ বেদীত মাল্যদান আৰু শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ পিছতে গণশিল্পী ৰত্নেশ্বৰ ৰাভাই সংগীত পৰিৱেশন কৰে।

সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক বাবুল সুত্ৰধৰে আঁত ধৰা আৰু শোণিতপুৰ জিলা কমিটিৰ সভাপতি ৰহিমউদ্দিন শ্বেখে সভাপতিত্ব কৰা ৰাজহুৱা সভাত সন্মিলনৰ উদ্বোধনী বক্তব্য দাঙি ধৰে ৰাজ্যিক সম্পাদক মদন তালুকদাৰে।

সন্মিলনখনিত প্ৰায় চাৰি শতাধিক নিৰ্মাণ শ্ৰমিকে অংশ গ্ৰহণ কৰে।