NORTHEAST NOW (Assamese)
অসম

হাতী-মানুহৰ সংঘাত সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৰাবাটত বাটৰ নাটক পৰিৱেশন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2022 9:47 pm
Human-Elephant Confict

ৰাজ্যত সম্প্ৰতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বন্যহস্তী আৰু মানুহৰ সংঘাত। বিশেষকৈ দ্ৰুতগতিত হোৱা বনধ্বংসৰ ফলত খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ এলেকালৈ ওলাই অহা বন্য হস্তীয়ে প্ৰায়ে অথন্তৰৰ সৃষ্টি কৰিছে ৰাজ্যৰ বহু অঞ্চলত।

হাতী-মানুহৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা এনে সংঘাত দূৰীকৰণ তথা শান্তিপূৰ্ণ সহাবস্থানৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে আজি আমচিং যোৰাবাট বজাৰ এলেকাত এক বাটৰ নাট পৰিৱেশন কৰা হয়।

লগতে বাটৰ নাটখনৰ জৰিয়তে হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত মানুহৰ কৰণীয় ব্যৱস্থা সন্দৰ্ভতো এক আভাস দাঙি ধৰা হয়।

গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ আমচাং বন্যপ্ৰাণী পৰিসৰ আৰু বেচৰকাৰী সংস্থা বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়নকৰা হয়।