NORTHEAST NOW (Assamese)

কুম্ভ মেলাত মহাকাশ অভিযন্তা : মানসিক শান্তিৰ বাবে মায়া-মোহ এৰি সন্ন্যাস ল’লে এইজন ব্যক্তিয়ে

January 15, 2025 7:24 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

প্ৰয়াগৰাজৰ মহাকুম্ভত লাখ লাখ মানুহৰ ভিৰ হৈছে। সাধাৰণ ভক্তৰ উপৰিও মহাকুম্ভত বহু সাধু সন্ন্যাসীয়ে ভিৰ কৰিছে। তাৰ ভিতৰত এজন সন্ন্যাসীয়ে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইতিমধ্যে তেওঁ ‘আই আই টি বাবাহিচাপে পৰিচিতি লাভ কৰিছে।

তেওঁৰ নাম অভয় সিং। হাৰিয়ানাৰ বাসিন্দা। আই আই টি, মুম্বাইত বিজ্ঞান অধ্যয়ন কৰিছিল তেওঁ। কিন্তু লাহে লাহে বিজ্ঞানৰ প্ৰতি তেওঁৰ আস্থা নাইকিয়া হৈ গৈছে। এতিয়া তেওঁ বিজ্ঞানৰ সলনি, সন্ন্যাসীৰ জীৱন বাছি লৈছে। মহাকুম্ভত তেওঁ ‘আই আই টি বাবা বুলি চৰ্চা লাভ কৰিছে।

অভয় সিং আই আই টি বম্বেৰ পৰা অভিযান্ত্ৰিক শাখাত উত্তীৰ্ণ হয়। তাৰ পিছত ৪ বছৰ এৰোস্পেচ ইঞ্জিনিয়াৰ হিচাপে কাম কৰে। কিন্তু লাহে লাহে তেওঁ উপলব্ধি কৰে যে এই জীৱনটো তেওঁৰ বাবে নহয়। কিন্তু সেই সময়ৰ পৰা তেওঁ সন্ন্যাসী হৈ মঠ-মন্দিৰত ঘূৰিবলৈ লয়।

তেওঁৰ প্ৰিয় কাম আছিল ফটোগ্ৰাফী। তেওঁ ফটোগ্ৰাফীৰো প্ৰশিক্ষণ লয়। অভয় সিঙে দাবী কৰে যে তাৰ পিছত জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি হৈছিল।

সেই সময়ত ট্ৰেভেল ফটোগ্ৰাফীৰ লগতে অভয়ে নিজাকৈ এটা কোচিং চেণ্টাৰো খুলিছিল। তাত তেওঁ পদাৰ্থ বিজ্ঞানৰ শিক্ষা দিছিল। তেতিয়াই তেওঁ কাৰ্যতঃ সকলো ত্যাগ কৰি আধ্যাত্মিক হোৱাৰ কথা ভাবিলে।

বৰ্তমান অভয়ে নিজকে শিৱৰ ভক্ত বুলি দাবী কৰি সন্ন্যাসীৰ জীৱন যাপন কৰি আছে। অভয় সিং ওৰফে ‘আই আই টি বাবাচিয়েল মিডিয়াতো সুপৰিচিত। তেওঁৰ ২৯ হাজাৰৰো অধিক অনুগামী আছে। তেওঁ বেছিভাগেই যোগাসন, ধ্যান আৰু আধ্যাত্মিকতাৰ সম্পৰ্কে লিখা মেলা কৰে।

Related News