NORTHEAST NOW (Assamese)

অপাৰে’চন চুলাই: দুৰ্গা পূজা উপলক্ষে বিশেষ অভিযান আবকাৰী বিভাগৰ

October 6, 2018 8:36 pm · উত্তম শইকীয়া
বোকাখাতত আবকাৰীয়ে অভিযান চলোৱা চুলাই ভাতিৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

শাৰদীয় দুৰ্গা পূজা উপলক্ষে বোকাখাত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত শনিবাৰে চুলাই মদ প্ৰস্তুতকাৰী কেইবাটাও ভাতী উৎখাট কৰাৰ লগতে চুলাইৰ বাবে গোলাই থোৱা বৃ্হৎ পৰিমাণৰ গুৰ নষ্ট কৰে৷

মদ প্ৰস্তুতকাৰী দুগৰাকী মহিলাক সোধ-পোচৰ বাবে আটক কৰিছিল যদিও পাছত তেওঁলোকক মুকলি কৰি দিয়ে অভিযানকাৰী দলটোৱে৷

আবকাৰী পৰিদৰ্শক নৈঋতা বৰুৱাই জানিবলৈ দিয়ে যে দুৰ্গা পূজা শেষ নোহোৱা পৰ্যন্ত বোকাখাতত অবৈধ চুলাই প্ৰস্তুতকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷

অভিযানকাৰী দলটোৱে শনিবাৰে ঢপলীয়া, কনুটিকা, লখৌজান, ভকত চাপৰি আদি গাঁৱত অভিযান চলাইছিল। চাহ বাগিচা থকা এই অঞ্চলসমূহত দুৰ্গা পূজাত চুলাইৰ চাহিদা বৃদ্ধি পায়।

Related News