NORTHEAST NOW (Assamese)

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

May 27, 2022 8:08 am · এন ই নাও নিউজ, গুৱাহাটী

হিন্দী বনাম আঞ্চলিক ভাষাৰ বিতৰ্কই দেশত ব্যাপক চৰ্চা লাভ কৰিছে । কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ প্ৰধান ভাষা হিচাপে হিন্দীৰ প্ৰস্তাৱ দিছিল। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে একেখন মঞ্চতে উপস্থিত থকা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে দাবী কৰে যে তামিলকো হিন্দীৰ দৰে দেশৰ আনুষ্ঠানিক (official) ভাষা হিচাপে ৰাখিব লাগে।

উল্লেখ্য যে বৰ্তমান ইংৰাজীক হিন্দীৰ সৈতে দেশত আনুষ্ঠানিক ভাষা হিচাপেও ৰখা হৈছে।

বৃহস্পতিবাৰে চেন্নাইত এটা অনুষ্ঠানত ষ্টেলিন আৰু মোডীয়ে  অংশ গ্ৰহণ কৰিছিল। সেই অনুষ্ঠানতে ডিএমকেৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয়, “তামিলকো হিন্দীৰ দৰে আনুষ্ঠানিক ভাষা হিচাপে ঘোষণা কৰা হওক। আৰু ইয়াক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ চৰকাৰী ভাষাও কৰা হওক।‘’

লগতে পঢ়ক: ‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

সেই একেখন মঞ্চতে প্ৰধানমন্ত্ৰী মোডীৰ মুখতো তামিল ভাষাৰ প্ৰশংসা কৰা শুনা গৈছিল। তেওঁ তামিল ভাষাক “চিৰন্তন” বুলি উল্লেখ কৰিছিল।

প্ৰসংগক্ৰমে, কংগ্ৰেছৰ শাসনকালত তামিলক ‘শাস্ত্ৰীয় ভাষা’ৰ মৰ্যাদা দিয়া হৈছিল। কিন্তু সাম্প্ৰতিক সময়ত বাৰে বাৰে হিন্দীৰ আগ্ৰাসনৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে বিজেপিয়ে দাবী কৰে যে হিন্দীক লৈ অপ্ৰয়োজনীয়ভাৱে বিতৰ্কৰ সৃষ্টি হৈছে।

যোৱা এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঞ্চলিক ভাষাসমূহৰ গুৰুত্বৰ ওপৰত বক্তব্য দাঙি ধৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি কৰ্মীসকললৈ দিয়া বাৰ্তাত কৈছিল, “ভাষাক লৈ সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। নাগৰিকসকলক সতৰ্ক কৰক।” তথাপি বিতৰ্ক মাৰ যোৱা নাই।

লগতে পঢ়ক:চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

বিজেপিয়ে দেশৰ বৈচিত্ৰ্যক আঘাত কৰিবলৈ আৰ এছ এছৰ ‘হিন্দী হিন্দু হিন্দুস্তান’ নীতি কাৰ্যকৰী কৰিবলৈ পদক্ষেপ লোৱা বুলি বিৰোধীয়ে অভিযোগ কৰিছিল। সেয়ে এইবাৰ তেওঁলোকে দেশৰ জনসাধাৰণৰ ওপৰত হিন্দীক ‘ৰাষ্ট্ৰভাষা’ হিচাপে জাপি দিবলৈ চেষ্টা কৰিছে।

দৰাচলতে অমিত শ্বাহে ইতিমধ্যে হিন্দীক দেশৰ প্ৰধান ভাষা বুলি কৈছে। শেহতীয়াকৈ তেওঁ এইটো কোৱাৰ পিছতে পুনৰ বিতৰ্ক আৰম্ভ হৈছে। 

Related News