NORTHEAST NOW (Assamese)
Popular Stories

৩৮ বছৰ বয়সত জিমত খোজ দি মিষ্টাৰ ইণ্ডিয়া হ’ল ৰাজকুমাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2026 8:01 pm

যি বয়সত বহুতে নতুন কিবা এটা আৰম্ভ কৰিবলৈ সাহস গোটাব নোৱাৰে, সেই বয়সতে এক অসম্ভৱক সম্ভৱ কৰি তুলিলে বিহাৰৰ ৰাজকুমাৰে। ৩৮ বছৰ বয়সত জীৱনত প্ৰথমবাৰৰ বাবে জিমত ভৰি দি তেওঁ আজি মিষ্টাৰ ইণ্ডিয়াৰ দৰে সন্মানীয় খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু এই সফলতাৰ আঁৰত থকা বাস্তৱখন বৰ কঠিন। বৰ্তমান এইগৰাকী বডি বিল্ডাৰে দিল্লীৰ ৰাজপথত এটা সৰু নান ষ্টল চলাই নিজৰ জীৱন নিৰ্বাহ কৰি আছে। তেওঁৰ কাহিনীটোৱে প্ৰমাণ কৰি দিছে যে অদম্য ইচ্ছা থাকিলে বয়স কোনো বাধা হ’ব নোৱাৰে।

বিহাৰৰ ছাপৰা জিলাৰ এক অতি দৰিদ্ৰ পৰিয়ালত ৰাজকুমাৰৰ জন্ম হৈছিল। শৈশৱৰ পৰাই তেওঁৰ জীৱন আছিল সংগ্ৰামৰ আন এক নাম। দুবেলা দুসাঁজ খোৱাৰ বাবেও তেওঁলোকে কষ্ট কৰিবলগীয়া হৈছিল। সৰুৰে পৰাই বডি বিল্ডাৰ হোৱাৰ সপোন এটা বুকুত কঢ়িয়াই ফুৰিছিল যদিও অভাৱৰ বাবে জিমত ভৰ্তি হোৱাৰ কথা তেওঁ ভাবিবই পৰা নাছিল। বহু বছৰ ধৰি তেওঁ কেৱল জিমৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবেই নিজৰ সপোনটো পিছুৱাই ৰাখিবলগীয়া হৈছিল।

দিল্লীলৈ আহি নিজাকৈ এটা নানৰ ষ্টল আৰম্ভ কৰাৰ পিছত যেতিয়া তেওঁৰ হাতলৈ কিছু ধন আহিবলৈ ধৰিলে, তেতিয়াহে তেওঁ প্ৰশিক্ষণৰ বাবে সঞ্চয় কৰা আৰম্ভ কৰিলে। ৩৮ বছৰ বয়সত তেওঁ যেতিয়া জিমত ভৰ্তি হৈছিল, তেতিয়া বহুতে ভাবিছিল যে এইটো অৱসৰৰ হে সময়। কিন্তু ৰাজকুমাৰে হাৰ মানিবলৈ শিকা নাছিল। তেওঁৰ একাগ্ৰতা দেখি এগৰাকী প্ৰশিক্ষকে তেওঁক বিনামূলীয়াকৈ সহায় কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ পিছতে আৰম্ভ হয় তেওঁৰ খিতাপ জয়ৰ ধাৰা। মিষ্টাৰ হিমালয়ৰ পৰা আৰম্ভ কৰি মিষ্টাৰ নৰ্থ ইণ্ডিয়া আৰু শেষত মিষ্টাৰ ইণ্ডিয়া ক্লাছিক পৰ্যন্ত তেওঁ নিজৰ নাম খোদিত কৰিলে।

এতিয়াও ৰাজকুমাৰৰ দৈনন্দিন জীৱন যুঁজখন একেই আছে। গোটেই দিনটো নিজৰ খাদ্যৰ দোকানত কঠোৰ পৰিশ্ৰম কৰাৰ পিছত নিশা বহু দেৰিলৈকে তেওঁ জিমত ঘাম পেলায়। তেওঁৰ এই কষ্ট আৰু শক্তি দেখি সকলো আচৰিত হয়। বৰ্তমান তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ হৈ অংশগ্ৰহণ কৰা। ৰাজকুমাৰৰ এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীত প্ৰতিভাৰ অভাৱ নাই, কিন্তু কেতিয়াবা সঠিক সমৰ্থনৰ অভাৱত বহু সপোন আধৰুৱা হৈ ৰৈ যায়।