NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ১৪ ছেপ্তেম্বৰৰ পৰা বিজেপিয়ে কৰিব ‘সেৱা সপ্তাহ’

September 13, 2019 9:53 pm · কল্পজ্যোতি শইকীয়া
Updated: September 13, 2019 10:11 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি কাইলৈৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশজুৰি কৰিব ‘সেৱা সপ্তাহ।’ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ অসমতো ৰাজ্যিক বিজেপিয়ে পালন কৰিব এই ‘সেৱা সপ্তাহ।’ ৰাজ্যিক বিজেপিৰ মেডিয়া বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে।

কাইলৈৰ পৰা অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে চলিব এই ‘সেৱা সপ্তাহ।’

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে হেঙেৰাবাৰীস্থিত কাৰ্বি খেলপথাৰত সেৱা সপ্তাহৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে নিজে ৰক্তদান কৰি ৰক্তদান শিবিৰৰ কাৰ্য্যসূচীও শুভাৰম্ভ কৰিব বুলি মৰলে আমাক জানিবলৈ দিয়ে।

মৰলে জানিবলৈ দিয়া অনুসৰি সেৱা সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া ৰক্তদান শিবিৰ প্ৰত্যেক মণ্ডল, জিলা পৰ্য্যায়তো অনুষ্ঠিত হ’ব, য’ত ৰাজ্যিক পৰ্য্যায়ৰ পৰা বুথ পৰ্য্যায়লৈকে সকলো কাৰ্য্যকৰ্তাই ৰক্তদান কৰিব।

তদুপৰি, সেৱা সপ্তাহৰ সৈতে সংগতি ৰাখি কিছু উচ্চ অনুষ্ঠান তথা দানকৰ্তা সকলক ১০পৰা ১০০ জনলৈ দিব্যাং তথা উৎসবিহীন সকলক শিক্ষা তথা ভৰণ পোষনৰ ব্যৱস্থা কৰি দিবলৈ উৎসাহ যোগোৱা হ’ব বুলিও তেওঁ জনায়।

ইপিনে, স্বাস্থ্য পৰীক্ষা, চকু চিকিৎসা শিবিৰ, চিকিৎসালয়-অনাথালয় আৰু বৃদ্ধাশ্ৰমলৈ গৈ ৰোগী ফলমূল বিতৰণ কৰিব ৰাজ্যিক বিজেপিয়ে।

আনহাতে ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰধান মন্ত্ৰীৰ জীৱন আৰু উপলব্ধিৰ আধাৰিত প্ৰকাশ কৰা গ্ৰন্থ সমূহ জিলাৰ জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তাই সমাজৰ বিভিন্ন ব্যক্তিক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি অৰ্পণ কৰিব ৷ লগতে প্ৰধান মন্ত্ৰীৰ জীৱন আৰু উপলদ্ধি সম্বন্ধীয় এক প্ৰদৰ্শনী  জিলাসমূহে প্ৰদৰ্শনৰ কৰিব বুলিও মৰলে জনায়।

তদুপৰি প্ৰতি গৰাকী সাংসদ, বিধায়ক, নিগম-নিকায়ৰ অধ্যক্ষ, সঞ্চালক, উপাধ্যক্ষ, গ্ৰামীণ আৰু নগৰ-চহৰৰ নিৰ্বাচিত প্ৰতিনিধি, পঞ্চায়ত সভাপতি, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্য সকলে নিজৰ অঞ্চলৰ হাইস্কুল- মহাবিদ্যালয়লৈ গৈ ‘এবাৰ প্ৰয়োগ হোৱা প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ সমাপ্ত কৰিবলৈ, ইয়াৰ কুফল বৰ্ণনা কৰাৰ লগতে জল সংৰক্ষণ, সংবৰ্দ্ধনৰ বাবে অভিযান আৰম্ভ কৰিব’ বুলিও তেওঁ জনায়।

Related News