NORTHEAST NOW (Assamese)

বিজ্ঞান মানসিকতাই সমাজক প্ৰকৃত সত্যৰ সন্ধান দিয়ে : বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীত কেশৱ মহন্ত

September 13, 2019 7:21 am · উত্তম শইকীয়া
কেশৱ মহন্ত

বোকাখাতৰ  বিজ্ঞান শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শিক্ষানুষ্ঠানখনে ২৫ বছৰ গৰকাৰ চিন স্বৰূপে ৰূপালী জয়ন্তী মহোৎসৱ আৰম্ভ হৈছে।

দুদিনীয়া ৰূপালী জয়ন্তী অনুষ্ঠানৰ অংশস্বৰূপে বৃহস্পতিবাৰে ৰাতিপুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক সভাপতি ডা৹কানুকৃষ্ণ বৰদলৈয়ে ৷

আনহাতে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্মৃতি তৰ্পন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ দত্তই আৰু বৃক্ষৰোপন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে ৷

পৰৱৰ্তী সময়ত ৰূপালী জয়ন্তী উপলক্ষ্যে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৈলেন্দ্ৰ নাথ তামুলীয়ে ৷

আবেলি  আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে শৈলেন্দ্ৰ নাথ তামুলীয়ে।

মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ভৱেশ চন্দ্ৰ গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ড৹ ৰূপম শইকীয়া, গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেন হাজৰিকা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰ।

সভাত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞান মানসিকতাৰ দ্বাৰাহে সমাজ এখনক প্ৰকৃত সত্যৰ সন্ধানত আগুৱাই লৈ যাব পাৰি বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সন্ধিয়া মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

Related News