NORTHEAST NOW (Assamese)
অসম

অসমত গৰু-গাহৰিৰ ৰাজনীতি বন্ধ কৰক, অসমীয়া হৈ থাকিবলৈ দিয়ক: জিতেন দত্ত

Posted by: এন ই নাও নিউজ April 13, 2019 5:42 pm
Stop 'Beef-pork' politics in Assam, let us remain Assamese: pleads ULFA leader Jiten Dutta

অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশজুৰি চৰ্চিত হোৱা বিশ্বনাথৰ “গো-মাংসকেন্দ্ৰিক” গণ-উন্মাদনাৰ ঘটনাৰ পিছতে অসমত হিন্দু-মুছলিম ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনাইছে আলোচনাৰত আলফা নেতা জিতেন দত্তই।

চৌকত আলি নামৰ বৃদ্ধজনৰ ওপৰত হোৱা অত্যাচাৰক “ধৰ্মীয় উন্মাদনা”ৰূপে অভিহিত কৰি অত্যাচাৰকাৰীসকলক পঞ্চতাৰকা হোটেলত গৰু মাংস বন্ধ কৰিবলৈ দত্তই প্ৰত্যাহ্বান জনাইছে।

“(অসমত) গৰু মাংস, গাহৰি মাংসৰ ৰাজনীতি বন্ধ কৰক৷ আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক৷এই লেতেৰা ৰাজনীতিৰে অসমীয়া জাতিটোক বিশ্বৰ সন্মুখত লজ্জিত নকৰিব৷ চৌকত আলিক অত্যাচাৰ কৰাসকলক সুধিব বিচাৰিছো পঞ্চতাৰকা হোটেলকেইখনত গো-মাংস বন্ধ কৰিব পাৰিবনে?” শুকুৰবাৰে এক ফে’চবুক প’স্তযোগে প্ৰশ্ন আালফা নেতাজনৰ।

২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৫শ লোকে কমেণ্ট আৰু শ্বেয়েৰ কৰা প’স্তটোত দত্তই লগতে কয় যে গৰু মাংস কেৱল মুছলমানৰে নহয়, আন ধৰ্ম আৰু জাতিৰ লোকেৰো খাদ্য।

Stop 'Beef-pork' politics in Assam, let us remain Assamese: pleads ULFA leader Jiten Dutta
জিতেন দত্তৰ ফে’চবুক প’স্তৰ স্ক্ৰীন শ্বট।

“গো মাংস কেৱল মুছলমানে নহয়, বৌদ্ধধৰ্মী, খ্ৰীষ্টিয়ান, নাগা, সকলোৱে খায়,” তেওঁৰ মন্তব্য।

তেওঁ ঘটনাটোত জৰিত দোষীৰ কঠোৰ শাস্তি দাবী জনাইছে।

দেশজুৰি তোলপাৰ লগোৱা ঘটনাটোত জৰিত থকাৰ অভিযোগত অসম আৰক্ষীয়ে ইতিমধ্যে ছজন লোকক গ্ৰেপ্তাৰ কৰিছে।