NORTHEAST NOW (Assamese)
Popular Stories

CAB : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্য মন্ত্ৰীকে ধৰি বিজেপি নেতাৰ প্ৰৱেশ নিষেধ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী December 2, 2019 10:08 pm

নাগৰিকত্ব বিধেকৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি আন বিজেপি নেতাৰ বিশ্ববিদ্যালয় কেম্পাছত প্ৰৱেশ নিষেধ কৰিছে।

আজি কেবৰ প্ৰতিবাদত ছাত্ৰ একতা সভাই ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ পৰা এক প্ৰতিবাদী চাইকেল ৰেলী বাহিৰ কৰে।

নাগৰিকত্ব বিধেয়ক অসমৰ মানুহৰ স্বাৰ্থৰ পৰিপন্থী বুলি উল্লেখ কৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে কয়, ‘ আমি মুখ্য মন্ত্ৰী সোণোৱাল, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাচা, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু আন বিজেপি বিধায়কসকলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষেধ কৰিছো।‘

‘কাৰণ তেওঁলোকে অসমৰ মানুহক প্ৰতাৰণা কৰিছে।‘ তেওঁ লগতে কয়।

অসমৰ ছাত্ৰ সমাজক কেবৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মাত মাতিবলৈ আহ্বান জনাই তেওঁ অৰু কয়, ‘যদি এই বিধেয়ক গৃহিত হয় তেতিয়া ই অসমৰ মানুহৰ বাবে এক মৰণফান্দ হ’ব।‘

‘আমি এই বিধেয়কক নামানো কাৰণ ই অসম বিৰোধী আৰু ই অসমৰ খিলঞ্জীয়া লোকৰ পৰা অধিকাৰ কাঢ়ি নিব। বিধেয়কৰ সমৰ্থন কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ৰাইজক প্ৰতাৰণা কৰিলে।‘ আন এজন প্ৰতিবাদকাৰীয়ে কয়।