NORTHEAST NOW (Assamese)

বাচন ধোৱা স্পঞ্জত থকা ভাইৰাছে ধ্বংস কৰিব শক্তিশালী ব্যেক্টেৰিয়া

June 24, 2019 12:18 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

বাচন ধোৱাৰ বাবে ব্যৱহাৰ কৰা স্পঞ্জত সৃষ্টি হোৱা ভাইৰাছৰ দ্বাৰা এণ্টিবায়োটিকছৰ সহায়তো নিঃশেষ কৰিব নোৱাৰা শক্তিশালী ব্যেক্টেৰিয়াক ধ্বংস কৰিব পৰা যায় বুলি আমেৰিকাৰ গৱেষকৰ এটা দলে অলপতে আবিস্কাৰ কৰিছে।

আমেৰিকান মাইক্ৰ’বায়োলোজি সমিতিৰ বাৰ্ষিক অধিবেশনত আমেৰিকাৰ গৱেষকৰ দলটোৱে ৰান্ধনশালত ব্যৱহাৰ কৰা স্পঞ্জত দুই প্ৰকাৰৰ ব্যেক্টেৰিয়া ধ্বংসকাৰী ভাইৰাছৰ উপস্থিতি ধৰা পেলাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰাৰ বাতৰি চীনৰ নিউজ এজেঞ্চি ‘ঝিনুহা’ত প্ৰকাশ পাইছে।

ৰন্ধনশালত ব্যৱহাৰ কৰা স্পঞ্জত সাধাৰণতে বিভিন্ন প্ৰজাতিৰ জীবাণুৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ব্যেক্টেৰিয়াই এটা বিশাল মাইক্ৰোবাইম তৈয়াৰ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় খাদ্যৰ উৎস সৰবৰাহ কৰে।

‘আমাৰ গৱেষণাই যিকোনো প্ৰকাৰৰ মাইক্ৰোবাইল পৰিবেশৰ বিষয়ে অধ্যয়ণ কৰি আহিছিল য’ত প্ৰচুৰ পৰিমানে দৰকাৰী ভাইৰাছৰ উপস্থিতি বিদ্যমান হয়’। নিউয়ৰ্ক ইনষ্টিটিউট অব টেকন’লজিৰ এজন ছাত্ৰই এনেদৰে মত প্ৰকাশ কৰে।

এনেদৰে ৰন্ধনশালত ব্যৱহাৰ কৰা বাচন ধোৱা স্পঞ্জত সৃষ্টি হোৱা দুইপ্ৰকাৰৰ ভাইৰাছ অন্য শক্তিশালী ব্যেক্টেৰিয়াৰ ওপৰত প্ৰয়োগ কৰি ই ব্যেক্টেৰিয়া ধ্বংস কৰিব পাৰে নে নোৱাৰে পৰ্য্যবেক্ষণ কৰা হৈছিল আৰু ই সফলভাৱে ব্যেক্টেৰিয়া ধ্বংস কৰিবলৈ সক্ষম হৈছিল।

গৱেষণাত উপলব্ধ দুই প্ৰকাৰৰ ভাইৰাছৰ ডি এন এ পৰীক্ষা কৰি ইয়াৰ আকৃতি চুঙা সদৃশ আৰু ইয়াক প্ৰধানকৈ স্পঞ্জ জাতীয় বস্তুত পোৱা যায় বুলি গম পোৱা গৈছিল।

যদিও দুয়োপ্ৰকাৰৰ ভাইৰাছ দেখাত প্ৰায় একেধৰণৰ কিন্তু বায়োকেমিকেল পৰীক্ষাত দুয়োৰে ৰাসায়নিক বিভিন্নতা পৰিলক্ষিত হয়।

Related News